প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈ পৌৰ সভাৰ নিৰ্বাচনক প্ৰচাৰত নামিল বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সংসদ দিলীপ শইকীয়া৷ মঙলদৈ পৌৰ সভাৰ ৬নং ৱাৰ্ডত বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ শইকীয়াই। সাংসদ শইকীয়াই ৬নং ৱাৰ্ডত নিৰ্বাচনী সভাতো উপস্থিত থাকি বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী জগদীশ লহকৰৰ হৈ প্ৰচাৰ চলাই৷ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই নিৰ্দলীয় প্ৰাৰ্থীসকল মতা-মাইকী, বনাম গিৰিয়েক-ঘৈণীয়েক একেখন ঘৰৰে পৰা প্ৰতিটো পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। সেয়েহে এইবাৰ নিৰ্বাচনত উন্নয়নৰ স্বাৰ্থত ৰাইজক বিজেপি দলৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায়।