অসম মগৰ সংঘৰ কেন্দ্ৰীয় সমিতি আৰু গোলাঘাট জিলা সমিতিয়ে শুকুৰবাৰে গোলাঘাট জিলাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে। মগৰ সম্প্ৰদায়ৰ এজনো লোকক গোৰ্খা উন্নয়ন পৰিষদত অন্তৰ্ভুক্ত নকৰাত ক্ষোভ ব্যক্ত কৰে। গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে মগৰসকলে যোগাযোগ কৰা নাছিল বুলি কোৱা কথাষাৰক সম্পূৰ্ণ মিছা বুলি নস্যাৎ কৰে সদৌ অসম মগৰ সংঘই। মগৰ সম্প্ৰদায়ৰ পৰা পৰিষদত অন্তৰ্ভুক্ত কৰিবলৈ আবেদন জনাইছিল যদিও অধ্যক্ষজনে মগৰ সংঘৰ বিপক্ষে বক্তব্য ৰাখে বুলি জানিবলৈ দিয়ে। সংবাদমেলত সদৌ অসম মগৰ সংঘ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক ভাৰত পুলামী মগৰ, উপদেষ্টা তুলশী ৰানা মগৰ, সাংগঠানিক সম্পাদক কুমাৰ গন্দ্ৰমা, মগৰ সাহিত্য সভাৰ কাৰ্যকাৰী সভাপতি ৰিকুটে পুলামী, মগৰ সংঘৰ আইটি চেল প্ৰমুখ বিকাশ থাপা মগৰ আৰু গোলাঘাট জিলা সমিতিৰ সভাপতি কে.পি থাপা মগৰ উপস্থিত থাকে।