পুনৰ আলফাক আক্ৰমণ কৰিছে বিতৰ্কিত বুদ্ধিজীৱি তথা সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ আলফাই একো কৰা নাই বুলি কোৱাৰ লগতে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক মই মৃত্যদণ্ড দিম বুলি কয় ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ আলফাই অসমৰ বাবে একো কৰা নাই বুলি কৈ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আলফা স্বাধীনৰ বিৰুদ্ধে মন্তব্য দি কয় যে আলফাই অসমৰ কাৰণে বিভীষিকা, আপদ। আলফা স্বাধীনৰ পৰেশ বৰুৱাই যদি পথৰ সংস্কাৰ নকৰে তেন্তে অসমৰ বুৰঞ্জীত এক কলংকিত নায়ক হিচাপে চিৰদিনৰ বাবে দেশদ্ৰোহী তালিকাত নাম থাকিব। পৰেশ বৰুৱাই অসমখনৰ সৃষ্টিৰ বাবে একো নকৰিলে বুলি কৈ আলফাই প্রতিষ্ঠা কালৰে পৰা অসমত কলপুলি এটাও ৰোৱা নাই বুলি কয়। আলফাই শিয়ালৰ দৰে জংঘলৰ পৰা কেৱল চিঞৰিব পাৰে আৰু যিসকলে আলফালৈ গৈছে তেওঁলোকৰ পিতৃ-মাতৃ আৰু সমীপৰ সমাজখনৰ শিক্ষাৰ অভাৱ বুলি কয় ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷