ৰাজস্থানৰ এগৰাকী মহিলা চিকিৎসকে আত্মহত্যা কৰাৰ ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যাৰ ফলত ৰাজস্থানত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। দেশৰ ৰাজধানী দিল্লীতো প্ৰদৰ্শন কৰা দেখা গৈছে। চিকিৎসকসকলে ৰাজ্যৰ আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আনি ৰাজপথলৈ ওলাই আহিছে৷ ৰোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত অৰ্চনা শৰ্মা নামৰ চিকিৎসকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। এখন ব্যক্তিগত চিকিৎসালয়ত ৰোগীজনৰ মৃত্যু হৈছিল। ৰাজস্থানৰ দৌছাৰ এখন ব্যক্তিগত চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ পিছতে মঙলবাৰে মহিলাগৰাকীৰ ৰক্তক্ষৰণৰ ফলত মৃত্যু হয়।
পিছত আৰক্ষীয়ে ডা০ অৰ্চনা শৰ্মা আৰু স্বামীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰাৰ পিছতে ৰোগীৰ পৰিয়ালে চিকিৎসালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। আৰক্ষীয়ে কয় যে এজাহাৰ দাখিল কৰাৰ বাবে বিৰক্ত হৈছিল অৰ্চনা শৰ্মা।
স্বামীৰ সৈতে চিকিৎসালয়খন চলাই থকা চিকিৎসকগৰাকীয়ে এখন চুইচাইড নোট লিখি থৈ যায়৷ নিৰ্দোষ বুলি উল্লেখ কৰে৷ চুইচাইড নোটত কয় যে ৰোগীক বচাবলৈ সকলো প্ৰচেষ্টা কৰা স্বত্বেও প্ৰসৱোত্তৰ ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হয়। নিৰীহ চিকিৎসকসকলক বিচলিত নকৰিব বুলি কোৱাৰ লগতে মৃত্যুৱে তাইক নিৰ্দোষ বুলি প্ৰমাণ কৰিব বুলি কয়। চুইচাইড নোটত মৃত্যুৰ পিছত তাইৰ স্বামী আৰু তাইৰ দুই সন্তানক হাৰাশাস্তি নকৰিবলৈ প্ৰশাসনক আহ্বান জনাই।
ড০ অৰ্চনা শৰ্মাৰ স্বামী ড০ সুনীল উপাধ্যায়ে কয় যে আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। ধাৰা-৩০২ হত্যাৰ গোচৰ ৰুজু কেনেকৈ কৰিব পাৰিব বুলি কয়? চিকিৎসকসকলক হাৰাশাস্তি কৰা আৰু ধন আদায় কৰাৰ বিৰুদ্ধে এখন আইন থাকিব লাগে। মোৰ স্ত্রী মৃত্যু হৈছে, কিন্তু বাকি নিৰীহ ডাক্তাৰৰ কী হ’ব?
চিকিৎসকজনৰ আত্মহত্যাৰ পিছতে ৰাজস্থানৰ ইণ্ডিয়ান মেডিকেল এছোছিয়েচনে ৰাজ্যজুৰি ২৪ ঘণ্টীয়া ধৰ্মঘট ঘোষণা কৰিছে। দিল্লীৰ এইমছৰ আৱাসিক চিকিৎসকসকলে ক’লা বেজ পিন্ধি প্ৰদৰ্শন কৰে। ফেডাৰেচন অফ ৰেচিডেণ্ট ডক্টৰ্ছ এছ’চিয়েশ্যনেও গৰিহণা দিছে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। চিকিৎসকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ দাবী কৰিছিল।
বিষয়টোত পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দি ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইট কৰি কয় যে ড০ অৰ্চনা শৰ্মাৰ আত্মহত্যা অতি দুখজনক। আমি চিকিৎসকসকলক ঈশ্বৰ বুলি বিশ্বাস কৰো। প্ৰতিজন চিকিৎসকে ৰোগীৰ জীৱন ৰক্ষাৰ বাবে যথাসাধিকাৰ চেষ্টা কৰে, কিন্তু কোনো অপ্ৰীতিকৰ ঘটনাৰ ক্ষেত্ৰত চিকিৎসকসকলক দোষাৰোপ কৰা উচিত নহয়৷ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ পুংখানুপুংখ তদন্ত কৰা হ’ব বুলি আশ্বাস দি কয় আৰু তদন্তৰ পিছত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।