March 30, 2023, 3:49 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

মই আগতেও কংগ্ৰেছ বিৰোধী, আৰু এতিয়াওঃ ভুৱা বাতৰিক লৈ আমিনুল হক লস্কৰে উজাৰিলে ক্ষোভ

Reporter Name
  • Update Time : Thursday, August 27, 2020
  • 123 Time View

গুৱাহাটীঃ কাছাৰ জিলাৰ সোনাই বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰৰ কংগ্ৰেছত যোগদানৰ খবৰ ভুৱা আখ্যা খোদ বিধায়কগৰাকীৰ। অসমত বিজেপিৰ হৈ বিধানসভালৈ নিৰ্বাচিত হোৱা একমাত্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ক আমিনুল হক লস্কৰে ফেচবুকত কৰা এক পোষ্ট যোগে এই বাতৰি ভুৱা বুলি মন্তব্য কৰে। উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজ্যৰ এটা ডিজিটেল সংবাদ মাধ্যমে আমিনুল হক লস্কৰে কংগ্ৰেছত যোগদান কৰিব বুলি প্ৰচাৰ চলাইছিল।

তাৰ পিছতে লস্কৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ যেতিয়াৰ পৰা সক্ৰিয় ৰাজনীতিত ভৰি থৈছে তেতিয়াৰ পৰাই তেওঁ কংগ্ৰেছৰ বিৰোধিতা কৰি আহিছে আৰু বৰ্তমানেও তেওঁ বিৰোধিতা কৰে। তেওঁ বিজেপি ত্যাগ নকৰে বুলিও স্পষ্ট কৰি দিয়ে বিধায়কগৰাকীয়ে। বৰং বিগত সময়ছোৱাত তেওঁ কেইবাগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু কংগ্ৰেছী নেতাক বিজেপিত যোগদান কৰিবলৈ উদ্বুদ্ধ কৰা বুলি মন্তব্য কৰে। তেওঁৰ বিৰুদ্ধে চলা এনে অপপ্ৰচাৰ একাংশ ৰাজনৈতিক স্বাৰ্থলোভী লোকৰ ষড়যন্ত্ৰ বুলি অভিযোগ কৰে সোনাই সমষ্টিৰ বিধায়কগৰাকীয়ে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে