নগৰবেৰাঃ মহামাৰী ক’ৰোনাৰ আতংকৰ মাজতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ চৰাঞ্চলত বানৰ বাবে শ-শ মানুহৰ জীয়াই থকাৰ পৰিৱবেশ নাইকীয়া হৈ পৰিছে৷ বিগত কেইবাদিন ধৰি চৰাঞ্চল বানৰ তলত থকাত শ-শ মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে৷ ঘৰৰ সকলো সামগ্ৰী পানীৰ তলত থকাৰ লগতে ভঁৰালৰ ধান, কাপোৰ-কানি সকলো বানত উটি যায়৷ বানত ককবকাই থকা লোকসকলে খাদ্যৰ অভাৱত পৰিছে৷ অস্থায়ী শিবিৰত আছে যদিও চৰকাৰে খাদ্য যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে৷
বানৰ লগতে গৰাখহনীয়াৰ কৱলতো পৰিছ চৰাঞ্চল। বাঘবৰ সমষ্টিৰ ধৰ্মপুৰ-ভাতনাপাইটি গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীত খহনীয়া আৰম্ভ হৈছে। ইতিমধ্যে অঞ্চলটোৰ ৪০টাকৈ পৰিয়ালৰ ঘৰ-বাৰী খহনীয়াত জাহ গৈছে৷ সম্প্ৰতি বান আৰু গৰাখহনীয়াত সৰ্বস্বান্ত লোকসকলে আলোপতি মাজৰচৰ গাঁও পঞ্চায়তত ওখ ঠাইসমূহত আশ্ৰয় গ্ৰহণ কৰিছে৷
জানিব পৰা মতে, শিবিৰত থকা লোকসকলে ভোকে-পিয়াহে থাকিব লগা হৈছে৷ শ শ গৃহহীন পৰিয়ালৰ নাই খাদ্য। ভোকে-পিয়াহে বিনিদ্ৰা ৰজনী কটাই পাৰ কৰা বানত সকলো হেৰুওৱা এইসকল লোকৰ খবৰ লবলৈ কোনো নাই। ৰাইজে স্থানীয় ৰাজহ চক্ৰ বিষয়াক ফোনযোগে দুৰ্গতিৰ কথা অৱগত কৰিছিল যদিও চক্ৰ বিষয়াগৰাকীয়ে আজিলৈ একো ব্যৱস্থা নকৰিলে৷ প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰা লোকসকলক শীঘ্ৰে পৰ্যাপ্ত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ বিধায়ক, চৰকাৰ তথা জিলা প্ৰশাসনক ৰাইজে দাবী জনাইছে।