পংকজ নাথঃ গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত অচিনাক্ত দুৰ্বৃত্তই দুটাকৈ মন্দিৰত লণ্ড-ভণ্ড কৰাৰ লগতে মূৰ্তি দলিয়াই পেলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে নিশা গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত এটা শিৱ মন্দিৰ আৰু গনেশ মন্দিৰত আক্ৰমণ কৰে দুস্কৃতিকাৰীয়ে৷ মন্দিৰ লণ্ড-ভণ্ড কৰি মুৰ্তি দলিয়াই পেলোৱা কাৰ্যই সমগ্ৰ হিন্দু সমাজৰ প্ৰতি এক প্ৰণালীবদ্ধ আক্ৰমণৰ ইংগিত দিয়া বুলি মত পোষণ কৰিছে বিশ্ব হিন্দু পৰিষদে। এনে গৰ্হিত কাৰ্যক বিশ্ব হিন্দু পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়া লগতে বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শুভৰাম বৰা, সম্পাদক চন্দন ৰাভা, প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে দোষীক ২৪ ঘণ্টাৰ ভিতৰত আটক কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে দাবী জনাই। গুৱাহাটী পুলিচ কমিছনাৰে তাৎক্ষণিক ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে। বিশ্ব হিন্দু পৰিষদে তৎপৰতাৰে দোষীক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰি ভৱিষ্যতে এনেকাৰ্য কৰাৰ দুঃসাহস যেন কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়।