প্ৰাণদ্বীপ চেতিয়া, বোকাজানঃ গ্রাহকৰ সৰলতা আৰু অসাৱধানতাৰ সুযােগ লৈ একাংশ পেট্ৰ’ল পাম্পে ভেজাল তেল বিক্রী কৰাৰ সময়ে সময়ে অভিযােগ উত্থাপন হৈ থকাৰ সময়তে পেট্রল পাম্পত তেল ভেজালকৰণৰ অভিযােগক কেন্দ্র কৰি ডকমকাত উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়৷ কার্বি আংলং জিলাৰ ডকমকাত ৩৬নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিৰ ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পত ভেজাল তেল বিক্রী কৰাৰ অভিযােগত একাংশ লােকে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
ভুক্তভােগী লােকসকলে উত্থাপন কৰা অভিযােগ অনুসৰি বিগত সময়ছােৱাত পাম্পটোৰ পৰা ক্রয় কৰি নিয়া তেল ব্যৱহাৰ কৰাৰ ফলত কম সময়তে বাহনসমূহ বিকল হৈ পৰাৰ লগতে বিভিন্ন বিসংগতিয়ে দেখা দিয়াৰ অভিযােগ উত্থাপিত হৈ আহিছে। বিগত সময়ছােৱাত এনে বহু অভিযােগ উত্থাপিত হৈ অহাৰ পিছত শুকুৰবাৰে বিয়লি অকস্মাতে এলেকাটোৰ কৃষক আৰু বাহন ব্যৱহাৰকাৰী ভুক্তভােগী লোকসকলে পেট্ৰ’ল পাম্পটোত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে।
পেট্ৰ’ল পাম্পটোৰ কর্তৃপক্ষই ডিজেলত বােকাপানী জাতীয় সামগ্রী মিহলি কৰি ভেজালকৰণৰ জৰিয়তে গ্রাহকক প্রতাৰণা কৰি অহাৰ অভিযােগ কৰি স্থানীয় ক্ষুদ্ধ লােকসকলে পেট্ৰ’ল পাম্পটোত উপস্থিত হৈ উত্তেজনাপুর্ণ পৰিবেশৰ সূচনা কৰাৰ লগতে পাম্পটোত জমা কৰি ৰখা প্রায় ডেৰ হাজাৰ লিটাৰ তেল পেলাই নষ্ট কৰে। পিছত ডকমকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। তেল ভেজালকৰণৰ জৰিয়তে সাধাৰণ গ্রাহকৰ মূৰত মাধমাৰ শােধাই অহা পেট্ৰ’ল পাম্প কর্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ভূক্তভােগী ৰাইজে।