পংকজ নাথঃ কামৰূপ জিলাৰ হাজো সমষ্টিৰ বৰদিয়া চাপৰি আৰু ফতুৰীত ভূ-মাফিয়াৰ তাণ্ডৱত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ৷ দক্ষিণ সৰুবংশৰ মৌজাৰ অন্তৰ্গত বৰদিয়া চাপৰি, পূৱ বৰদিয়া চাপৰি, অভিপাৰা, ফতুৰী চৰত ভূ মাফিয়াই নিৰ্বিঘ্নে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। ফতুৰী ঘাতৰ ইছমাইল ওৰফে টুটু আৰু শিক্ষক গহেৰ আলীৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে পূৰ্বে বিক্ৰী কৰা ভূমি পুনৰ দখল কৰে। শিক্ষক গহেৰ আলী, ইছমাইল আলীয়ে চৰৰ ভূমি দলিল স্বাক্ষৰ কৰি বিক্ৰী কৰাৰ কাৰ্যই কৃষক ৰাইজক ক্ষোভিত কৰিছে৷ গাঁওখনৰ প্ৰায় সংখ্যক ৰাইজে মাটি বিক্ৰী কৰা স্বাক্ষৰ সম্বলিত দলিল হাতে হাতে লৈ ভূ-মাফিয়া গহেৰ মাষ্টৰ মুৰ্দাবাদ, ইছমাইল মুৰ্দাবাদ, ভূ-মাফিয়াৰ দপদপনি নচলিব, দালালৰাজ বন্ধ কৰক, আমাক মাটি উভতাই দিয়ক ধ্বনিৰে বৰদিয়া চাপৰি উত্তাল কৰি তোলে। বৰদিয়া চাপৰিত ক্ৰয় কৰা ভূমিৰ গৰাকীসকলে দালাল চক্ৰটোৰ লগতে এটা পৰ্টেলৰ সোচ্চাৰ হৈ পৰে আৰু অদুৰ ভবিষ্যতে স্বদেশী নিৰীহ লোকক বিদেশী সজাই বাতৰি পৰিৱেশন নকৰিবলৈ সকিয়নি দিয়ে। বৰদিয়া চাপৰিত কৃষক ৰাইজে গহেৰ আলী, ইছমাইল ওৰফে টুটুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।