শ্ৰীলংকাত নতুন প্ৰধানমন্ত্ৰী নিয়োগ কৰিলেও পৰিস্থিতি স্বাভাৱিক হোৱা নাই৷ আজিও সংকটৰ বাবে পৰিস্থিতি ভয়াবহ৷ খাদ্য-সামগ্ৰীৰ নাটনিৰ সমানে খাদ্য-সামগ্ৰীৰ তীব্ৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে ডিজেল আৰু পেট্ৰলৰ দাম পুনৰ বৃদ্ধি কৰা হৈছে৷ নেপাল অইল কৰ্পোৰেচনে (এনঅ’চি) ডিজেল আৰু পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ১০ টকাকৈ বৃদ্ধি কৰিছে৷ এই সিদ্ধান্ত মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব। পেট্ৰলৰ মূল্য এতিয়া প্ৰতি লিটাৰত ১৭০ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ১৫৪ হ’ব৷ ইউনাইটেড নেচনেল পাৰ্টিৰ (ইউএনপি) নেতা তথা শ্ৰীলংকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰম সিংঘে বৃহস্পতিবাৰে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৭৩ বছৰীয়া ইউএনপি নেতা তথা প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰম সিংঘে দেশখনৰ অস্থিৰ পৰিস্থিত চম্ভালিব পাৰিব নে নাই সেয়া চিন্তাৰ বিষয় হৈ পৰিছে৷