পংকজ নাথঃ ৰাজ্যৰ ভুৱা ডিগ্ৰীধাৰী কলেজ শিক্ষকৰ বিষয়ে অৱগত নহয় শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু। ৰাজ্যৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্তৰ বিস্ফোৰক মন্তব্যৰ বিপৰীতে শিক্ষামন্ত্ৰীৰ ভুৱা ডিগ্ৰীধাৰী কলেজ শিক্ষক সম্পৰ্কত বিষয়ে অৱগত নহয় বুলি কয় শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ দ্বাৰা উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত আনন্দৰাম বৰুৱাৰ ১৭২সংখ্যক ওপজা দিনৰ অনুষ্ঠানত অংশ লৈ ভুৱা কলেজ শিক্ষক সম্পৰ্কত শিক্ষামন্ত্ৰীয়ে মুখেৰে কলেই নহব, প্ৰমাণিত হ’ব লাগিব বুলি কয়। শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তই ভুৱা কলেজ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। ৰাজ্যত এহেজাৰৰো অধিক ভুৱা ডিগ্ৰীধাৰী কলেজ শিক্ষকৰ ওপৰত তদন্ত কৰি ৫৮জনক চিনাক্ত কৰা বুলি জানিবলৈ দিছিল অতি শিঘ্ৰে ভুৱা ডিগ্ৰীধাৰী শিক্ষকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলি কৈছিল। কিন্তু ভুৱা শিক্ষকৰ ওপৰত আজিলৈ চৰকাৰে নললে শাস্তিৰ ব্যৱস্থা৷ উল্লেখ্য যে, অলপতে গুৱাহাটী বিশ্ব বিশ্ববিদ্যালয়ৰ এগৰাকী অসমীয়া বিভাগৰ অধ্যাপক আৰু উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিলিপ দাসৰ ওপৰত শাস্তি নহব কিয় বুলি প্ৰশ্ন সাংবাদিকৰ। ড০ দিলিপ দাসৰ ডিগ্ৰী জালিয়াতি প্ৰমাণিত হোৱাত কেৱল দৰমহা বন্ধ আৰু তেওঁৰ অধীনত গৱেষণা কৰিব নোৱাৰিব বুলি লঘু শাস্তি কিয় বুলি সাংবাদিকৰ প্ৰশ্নত শিক্ষামন্ত্ৰীয়ে অজ্ঞতা প্ৰকাশ কৰে৷