March 31, 2023, 10:05 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে

Reporter Name
  • Update Time : Tuesday, February 7, 2023
  • 23 Time View
ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ এনকাউণ্টাক লৈ বিগত সময়ছোৱাত যথেষ্ট প্ৰশ্নৰ উত্থাপন হৈ আহিছে৷ এনকাউণ্টাৰৰ নামত নিৰীহক হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে ভুৱা এনকাউণ্টাৰ কৰি এইবাৰ বিপদত অসম আৰক্ষী৷ আৰক্ষীৰ জিম্মাত থকা এজন অভিযুক্তক ভুৱা এনকাউণ্টাত হত্যা কৰি এতিয়া বিপদত দৰং জিলাৰ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে চক্ৰ পৰিদৰ্শক৷ অভিযুক্তক ভুৱা এনকাউণ্টাৰত গুলীয়াই হত্যা কৰাৰ অপৰাধত দৰং জিলাৰ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতি আৰু চক্ৰ পৰিদৰ্শক অচ্যুৎ দত্তক মৃতকৰ পৰিয়ালক ৭ লাখ টকা ক্ষতি পূৰণ দিয়াৰ নিৰ্দেশ দিছে ৰাজ্যিক মানৱ আধিকাৰ আয়োগে। লগতে ভুৱা এনকাউণ্টাৰৰ গোচৰটোত আৰক্ষী বিষয়াদ্বয়ৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে মৃতকৰ পত্নীক ক্ষতিপূৰণ দিবলৈ চৰকাৰক পৰামৰ্শ দিছে মানৱ অধিকাৰ আয়োগে৷
উল্লেখ্য যে দৰং জিলাৰ আৰক্ষী অধীক্ষকে প্ৰদান কৰা তথ্যৰ ভিত্তিত এএইচআৰচিয়ে এটা নিজাববীয়া গোচৰ পঞ্জীয়ন কৰি ভুৱা এনকাউণ্টাৰ ঘটনাটোৰ তদন্ত কৰিছিল। অভিযোগ অনুসৰি ২০২১ চনৰ ১০ আগষ্টত খাৰুপেটীয়া আৰক্ষীয়ে এটা গোচৰত আশা বাবু নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। নিশা অভিযুক্তক লগত লৈ খাৰুপেটীয়া আৰক্ষীয়ে দলগাঁৱৰ ধনশিৰি ঘাটলৈ লৈ যায়। নদীৰ পাৰতে লুকুৱাই থোৱা অস্ত্ৰৰ সন্ধান দিয়া চলেৰে অভিযুক্তজনে আৰক্ষীলৈ গুলী কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী কৰাৰ ফলত আশা বাবুৰ মৃত্যু হোৱা বুলি তদন্তকাৰী আৰক্ষীয়ে সেই সময়ত দাবী কৰিছিল।
পাছত গুলীবিদ্ধ অভিযুক্তজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। এই ঘটনাত হোম গাৰ্ডৰ এজন জোৱানো আহত হোৱা বুলি প্ৰকাশ কৰিছিল। অৱশ্যে এই ভুৱা এনকাউণ্টাৰক লৈ মৃত আশা বাবুৰ পত্নী মনোৱাৰা বেগমে ৰাজ্যিক মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰি আৰক্ষীয়ে পৰিকল্পিতভাৱে স্বামী আশা বাবুক হত্যা কৰা বুলি দাবী কৰে। গোচৰটোৰ সন্দৰ্ভত সকলো পক্ষৰ তথ্য-প্রমাণ পৰীক্ষা কৰি অৱশেষত মানৱ অধিকাৰ আয়োগে আশা বাবুক তদন্তকাৰী আৰক্ষী বিষয়াদ্বয়ে ভুৱা এনকাউণ্টাৰত হত্যা কৰা বুলি ৰায় প্ৰদান কৰিছে। এই সন্দৰ্ভত খাৰুপেটীয়া থানাৰ অ’চি অভিজিৎ কাকতি আৰু চক্ৰ পৰিদৰ্শক অচ্যুৎ দত্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগীজনৰ পত্নীক ৭ লাভ টকাৰ ক্ষতিপূৰ্ণ দিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে