ডিজিটেল ডেস্ক : কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ জম্মুত প্ৰৱেশ কৰিছে৷ ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত আছে ‘ভাৰত জোড়ো যাত্ৰা’৷ ইয়াৰ মাজতে দুটাকৈ বিস্ফোৰণত কঁপি উঠিল জম্মু৷
জম্মু ৰে’ল ষ্টেচনৰ সমীপৰ নৰৱাল অঞ্চলত দুটাকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে৷ বিস্ফোৰণত ছয়জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
আৰক্ষীয়ে জনোৱা অনুসৰি, বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ সমীপত পূৰণা সামগ্ৰীৰ দোকান আছে। আৱৰ্জনাৰ কিছুমান বিস্ফোৰক সামগ্ৰীৰ ফলত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
ইফালে সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকা হৈছে বুলি জনাইছে আৰক্ষীয়ে৷ বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰক্ষীয়ে৷