সমগ্ৰ বিশ্বতে ডাউন হৈ পৰিছে ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম। ভাৰতীয় সময় অনুসৰি আজি নিশা ১১.০৫ বজাত ডাউন হৈ পৰে মাৰ্ক জুকাৰবাৰ্গ মালিকানাধীন এই ছ’চিয়েল মিডিয়া এপকেইটা। ডাউন হৈ পৰাৰ ফলত হোৱাটছএপযোগে ইউজাৰসকলে মেছেজ প্ৰেৰণ কৰিব পৰা নাই। একেদৰে ফেচবুক মেছেঞ্জাৰ আৰু ইনষ্টাগ্ৰামতো একে সমস্যাই দেখা দিছে। ফেচবুকতো ইউজাৰসকলে নতুন নিউজ ফিড লাভ কৰা নাই বুলি জনাইছে। ইউজাৰসকলে টুইটাৰযোগে ফেচবুক কৰ্তৃপক্ষক এই সন্দৰ্ভত প্ৰশ্ন সোধা দেখা গৈছে। অৱশ্যে এই পৰ্যন্ত ফেচবুক কৰ্তৃপক্ষই কোনোধৰণৰ মন্তব্য কৰা নাই। উল্লেখ্য যে সময়ে সময়ে ছাৰ্ভাৰৰ মেইনটেনেন্সৰ কামৰ বাবে সময়ে সময়ে এনেদৰে ফেচবুক, হোৱাটছএপৰ সেৱা কিছু সময়ৰ বাবে সমগ্ৰ বিশ্বজুৰি বন্ধ হৈ আহিছে। এইবাৰো সেই একে কাৰণতে সেৱা বন্ধ হৈ পৰিছে নে আন কাৰণত তেনে হৈছে সেয়া ফেচবুকৰ তৰফৰ পৰা স্পষ্ট কৰিলেহে জানিব পৰা যাব।