May 25, 2022, 11:23 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

ভাৰতৰ গীতাৰ পাকিস্তানৰ মাতৃগৰাকী আৰু নাই…

Reporter Name
  • Update Time : Saturday, April 16, 2022
  • 33 Time View

গীতাৰ কথা মনত আছে নে? ভুলক্ৰমে মূকবধিৰ ভাৰতৰ গীতাই প্ৰবেশ কৰিছিল পাকিস্তানত৷ গীতাই ১১-১২ বছৰ বয়সত ভুলক্ৰমে সীমান্ত অতিক্ৰম কৰি কৰাচী ৰেল ষ্টেচন পাইছিল৷ ট্ৰাষ্ট পৰিচালনা কৰা এটা মুছলমান পৰিয়ালে গীতাক উদ্ধাৰ কৰি আশ্ৰয় দিছিল গীতাক।

পাকিস্তানৰ সমাজ কল্যাণ সংস্থাৰ দ্বাৰা ২০১৫ চনত ভাৰতলৈ ঘূৰাই অনা বধিৰ আৰু বোবা ভাৰতীয় গীতাই মহাৰাষ্ট্ৰত প্ৰকৃত মাতৃৰ সৈতে পুনৰ মিলিত হৈছিল। পাকিস্তানৰ স্বৰ্গীয় আব্দুল সাত্তাৰ এধি, পত্নী বিলকিছ এধিয়ে গীতাক তুলি-তালি ডাঙৰ-দীঘল কৰাই নহয় ভাৰতলৈ অহালৈ সম্পূৰ্ণ দায়িত্ব লৈছিল৷ পাকিস্তানৰ বিশ্ব বিখ্যাত এধি ৱেলফেয়াৰ ট্ৰাষ্ট পৰিচালনা কৰা আব্দুল সাত্তাৰ এধি, পত্নী বিলকিছ এধিয়ে গীতাক ১৭ বছৰে লগত ৰাখিছিল৷ ভাৰতলৈ উভতি অহাৰ সময়তে ২০১৫ চনত গীতাৰ বয়স আছিল ২৯ বছৰ৷

অচিনাকী পাকিস্তানত গীতাক উদ্ধাৰ কৰি ডাঙৰ-দীঘল কৰিছিল দম্পতীহালে৷ যিগৰাকী নাৰীয়ে গীতাক তুলি-তালি ডাঙৰ-দীঘল কৰাই নহয় তাইৰ ধৰ্ম পৰ্যন্ত ৰক্ষা কৰাত সহায় কৰিছিল সেইগৰাকী গীতাৰ পাকিস্তানৰ মাতৃ বিলকিছ এধিৰ আজি মৃত্যু হয়৷ ২০১৫ চনত গীতা ভাৰতলৈ আহে৷ সেই সময়ত দিল্লীলৈ আহিছিল বিলকিছ এধি৷ গীতা আৰু প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি আবেগিক হৈ পৰিছিল বিলকিছ। পাকিস্তানী মানৱতাবাদী বিলকিছ এধিয়ে ভাৰতীয় নাগৰিক গীতাক স্বদেশলৈ ঘূৰাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেইগৰাকী বিলকিছ এধিৰ আজি কৰাচীত মৃত্যু হয়৷ বিলকুইছ এধিৰ মৃত্যুৰ খবৰে সমগ্ৰ বিশ্বৰ মানৱ জাতিক ভাল পোৱা মানুহসকলে শ্ৰদ্ধাঞ্জলি জনাইছে৷

গৰীৱ, গৃহহাৰা, ঘাত-মাউৰা, অনাথ দৰিদ্ৰ ঘৰৰ লোকৰ প্ৰতি সহানুভূতি আৰু নিস্বাৰ্থ কামৰ বাবে জনাজাত বিলকিছ এধি আৰু তেওঁৰ স্বামী আব্দুল সাত্তাৰ এধি৷ যিয়ে সমগ্ৰ পাকিস্তানৰ হাজাৰ হাজাৰ অনাথ শিশু-মাতৃক নতুন জীৱন দিছে৷ অসহায় লোকক সহায় কৰিছে৷ ভোকাতুৰৰ ভোক নিবাৰণ কৰিছে৷ সামাজিক ন্যায়ৰ আন্দোলনৰ বাবে মাদাৰ টেৰেছা মেম’ৰিয়েল বঁটা লাভ কৰিছে এধিয়ে৷ মুখ্যতঃ দৰিদ্ৰতা, পৰিত্যক্ত এলেকাৰ শিশুৰ বাবে আজীৱন কাম কৰিছে এধিয়ে৷ স্বেচ্ছাসেৱী সংস্থা হিলাল-ই-ইমতিয়াজৰ সোঁহাত স্বৰূপ মহিলা তথা স্বৰ্গীয় আব্দুল সাত্তাৰ এধিৰ সমাজসেৱাক আগুৱাই নিয়া বিলকিছ এধিয়ে শুকুৰবাৰে সন্ধিয়া কৰাচীৰ আগা খান চিকিৎসালয়ত ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

পাকিস্তানৰ বিলকিছৰ অৱস্থা বৃহস্পতিবাৰে নিশা বেছি বেয়া হয়৷ নাতি আহমেদ এধিৰ মতে হৃদযন্ত্ৰৰ স্থিতি, ডায়েবেটিচ আৰু আৰ্থ্ৰাইটিছ, হাঁওফাঁওৰ সংক্ৰমণৰ দৰে একাধিক ৰোগত ভুগি আছিল এধি।

১৯৪৭ চনৰ ১৪ আগষ্টত ভাৰতৰ গুজৰাটৰ বাণ্টৱা অঞ্চলত জন্মগ্ৰহণ কৰা বিলকিছে কিশোৰী হৈ থাকোতেই এধি ট্ৰাষ্টলৈ সহযোগ কৰিবলৈ মন মেলিছিল৷ বিশ্বৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱক এম্বুলেন্স সংগঠন হিচাপে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড দখল কৰা এধি ট্ৰাষ্টলৈ কিশোৰী হিচাপে সম্পৰ্ক গঢ়ে৷ স্কুললৈ যাবলৈ ভাল নোপোৱা এধিয়ে নিজৰ জীৱনত কিবা সাৰ্থক কাম কৰাৰ সিদ্ধান্ত লৈছিল। তেনেকৈয়ে ট্ৰাষ্টৰ তত্বাৱধায়ক আব্দুল সাত্তাৰ এধিৰ সান্নিধ্যলৈ আহি বিয়াত বহিছিল৷ প্ৰায় ২০ বছৰ কম বয়সীয়া বিলকিছক বিয়া কৰাই আব্দুল সাত্তাৰ এধিয়ে সমাজসেৱাত মগ্ন হৈ পৰিছিল। দৰিদ্ৰ আৰু দৰিদ্ৰ লোকসকলৰ যত্ন ল’বৰ বাবে নিজেই এটা দল গঠন কৰিছিল বিলকিছ৷

এটা সাক্ষাৎকাৰত এধিয়ে কৈছল যে মই সোনকালে ডাঙৰ হ’ব বিচাৰিছিলো আৰু দৰিদ্ৰলোকৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিব বিচাৰিছিলো৷ সেয়েহে মই এখন সৰু ঔষধালয়ত যোগদান কৰিছিলো৷ য’ত মই সহায় কৰিব পাৰিছিলো। কিন্তু সময় সলনি হৈছিল৷ ১৯৬৫ আৰু এধি ট্ৰাষ্টে নাৰ্ছ নিযুক্তি দিব বিচাৰিছিল৷

কেনেকৈ স্বামী আব্দুল সত্তাৰক এধিক জানিব পাৰিছিল সেয়া কথা প্ৰকাশ কৰি বিলকিছে কয় যে ট্ৰাষ্টত ছয় মাহৰ দীঘলীয়া প্ৰশিক্ষণৰ সময়ত মানৱতাৰ প্ৰতি তাইৰ প্ৰেম আৰু ৰুগীয়া লোকৰ বাবে তাই লোৱা যত্নশীল প্ৰকৃতিক লক্ষ্য কৰি আব্দুল ছাত্তাৰ এধি তাইক প্ৰস্তাৱ দিছিল। তাই সেই সময়ত মাত্ৰ ১৯ বছৰীয়া আছিল৷ তেতিয়াই বিবাহ পাশত আৱদ্ধ হৈ মানৱসেৱা কৰিছিল৷

বিবাহৰ নিশাৰ এটা বিখ্যাত ঘটনা বৰ্ণনা কৰিছিল বিলকিছে৷ বিয়াৰ নিশা এধি দম্পতীহালে আঘাতপ্ৰাপ্ত ১২ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰে। কিশোৰীক যত্ন লৈ কিশোৰীৰ বাবে তেজব্যৱস্থা কৰি থাকোতে বিলকিছ এধিয়ে স্বামীৰ কাষত থকাৰ পৰিৱৰ্তে ওৰে নিশা কিশোৰীৰ কাষত থাকিবলগীয়া হৈছিল৷

বিলকিছে ট্ৰাষ্টৰ ক্ৰেডেল প্ৰকল্প পৰিচালনা কৰিবলৈ আৰম্ভ কৰে৷ এদিন মানুহৰ অবাঞ্ছিত কেঁচুৱাবোৰ ট্ৰাষ্টক দিবলৈ অনুৰোধ কৰে। তেওঁলোকৰ বিভিন্ন কেন্দ্ৰৰ বাহিৰত এনে ধৰণৰ ৩০০ তকৈও অধিক দোলনা স্থাপন কৰিছিল য’ত মাতৃসকলক কোনো প্ৰশ্ন নোসোধাকৈ তেওঁলোকৰ কেঁচুৱাবোৰক চুপিচুপি এৰি যাবলৈ অনুমতি দিয়া হৈছিল। ইয়াৰ ফলত পাকিস্তানত কমেও ৪২ হাজাৰ লোকৰ জীৱন ৰক্ষা হয়। ইয়াৰে বেছিভাগ কেঁচুৱা ছোৱালী আৰু বিকলাঙ্গ শিশু আছিল। বিকলাংগ সকলে এখন ঘৰ বিচাৰি পাইছিল৷ পৰিয়ালে শিশুসকলৰ যন্ত ল’ব নোৱাৰাত এনেদৰে সুস্থ ঠাইত ৰাখিবলৈ সুবিধা পোৱাত ভাগ্যৱানহৈ পৰিছিল পৰিয়াল৷ বিলকিছ এধিয়ে সকলোকে ডাঙৰ-দীঘল কৰিছিল আৰু শিক্ষিত কৰিছিল। আনকি ডাঙৰ হোৱাৰ সময়ত ছোৱালীবোৰৰ সম্পৰ্ক কৰিবলৈ পাত্ৰ বিচাৰি পাইছিল। তেওঁলোকৰ বাবে বহুত সুন্দৰ আৰু স্মৰণীয় বিবাহ অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছিল।

বিলকিছে সেই ছোৱালীবোৰৰ সৈতে বাস কৰিছিল৷ স্বামীয়ে কাৰ্যালয় শোৱনি কোঠা হিচাপে ব্যৱহাৰ কৰিছিল। স্বামী এধিৰ মৃত্যুৰ পিছতে সৰু পুত্ৰ ফৈজলক শাসনভাৰ দিয়াত আৰু একে নিষ্ঠাৰে এধি ফাউণ্ডেচন চলাবলৈ সহায় কৰিছিল বিলকিছে। নাতি-নাতিনীকে ধৰি গোটেই পৰিয়ালটোক মানৱীয় কামত জড়িত কৰি ৰাখিছিল। এধি হোমৰ ছোৱালী আৰু মহিলাসকলে বিলকুইছক ‘মা’ আৰু ‘আণ্টি’ বুলি সম্বোধন কৰিছিল।

ভাৰতৰ গীতা সেইসকল মহিলাৰ মাজৰ এগৰাকী আছিল৷ পাকিস্তানত আপোনাজনক বিচাৰি পোৱা নাছিল গীতাই৷ ভুলতে সীমান্তপাৰ হৈ ঘূৰি ফুৰা বধিৰ গীতাই পাকিস্তানৰ ‘মাতৃ’ আছিল বিলকিছ। বিলকিছ এধিয়ে গীতাক ভাৰতলৈ লৈ আহিছিল৷ গীতাক এনেদৰে ডাঙৰ-দীঘল কৰিছিল যেন নিজৰ সন্তান আছিল৷ গীতাক হিন্দু বুলি জানি বিলকিছে নিজেই নাম ৰাখিছিল ‘গীতা’। গীতাক হিন্দু দেৱতাৰ পোষ্টাৰ আঁৰি প্ৰাৰ্থনাৰ ব্যৱস্থা কৰি দিছিল৷

গীতাৰ কাহিনীক সমগ্ৰ বিশ্বই জানে৷ বিলকিছ এধিয়ে গীতা সন্দৰ্ভত কৈছিল যে তাই ইমান ধেমেলীয়া৷ বিশেষকৈ তাই এধি চাহবক অংগী-ভংগীৰে জোকাইছিল। তাই জোকাইছিল আৰু এধি চাহবক কৈছিল যে মৃতদেহ ধুৱাই কিন্তু যেতিয়া নিজে গা ধোৱাৰ সময়ত চাবোন আৰু পানীৰ ব্যৱহাৰ পাহৰি যায়৷ কিন্তু এধি চাহবে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিছিল। গীতাই মোৰ স্বামীক পিতৃ হিচাপে মানি লৈছিল৷ নিজৰ সন্তানৰ দৰে মৰম কৰিছিল৷

গীতাক এধিয়ে কৈছিল যে আপোনাৰ দেউতা এজন ধনী ব্যক্তি। যদি ভাৰতলৈ উৰা মাৰিব বিচৰা তেন্তে এয়াৰ টিকট দিব। কিন্তু গীতাক বাৰে বাৰে সুধিছিল তুমি ভাৰতলৈ যাব পচন্দ নকৰিলে পাকিস্তানত হিন্দু লৰা বিচাৰি দিয়া হ’ব৷ ভাৰতস্থিত পৰিয়াললৈ নগ’লে তাইক পাকিস্তানত সুন্দৰ হিন্দু লৰা বিচাৰি দিলে সুখী হ’ব নেকি প্ৰশ্ন কৰা হৈছিল৷ কিন্তু গীতাই ভাৰতলৈ উভতি আহিব খুজিছিল৷ যাতে পৰিয়ালৰ সৈতে পুনৰ মিলিন হ’ব পাৰে। সেইগৰাকী এধিৰ মৃত্যুত বৰ্তমান ভাৰতত থকা গীতাৰ হৃদয় ভাঙি পৰিব সেয়া ধ্ৰুৱসত্য৷

বিগত কেইবাটাও বছৰত অসহায় অধিক ছোৱালী বিলকুইছ এধিৰ কাষলৈ অনা হৈছিল৷ অসুস্থ স্বাস্থ্যৰ যুৱতীক সুস্থ কৰা তোলা হৈছিল। অনাথ আৰু হেৰুওৱা ল’ৰাবোৰৰ বাবেও এগৰাকী মহান মাতৃ আছিল এধি৷ সকলোকে এধি হোমলৈ অনা হৈছিল আৰু এনে আদৰ আব্দাৰ কৰা হৈছিল যে নিজৰ পুত্ৰ কুতুব আৰু ফৈজলহে। সমগ্ৰ পাকিস্তানৰ হাজাৰ হাজাৰ অনাথ শিশুৰ মাতৃ বিলকিছে আজি চিৰবিদায় মাগিলে৷

বিলকুইছৰ মৃত্যুত বিশ্বৰ বিভিন্ন দেশৰ ৰাজনীতিবিদ, সমাজকৰ্মী শোক বাৰ্তা প্ৰেৰণ কৰিছে৷ বিলকিছ এধিৰ মৃত্যুৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। পাক ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিয়ে শোক প্ৰকা কৰি কয় যে তেওঁৰ মৃত্যুৰ কথা শুনি গভীৰভাৱে দুখিত। প্ৰাৰ্থনা কৰিছো যে তাইক জান্নাতৰ সৰ্বশ্ৰেষ্ঠ স্থান ঈশ্বৰে দিয়ক৷ উত্তম কামৰ বাবে আৰু তাইৰ স্বৰ্গীয় স্বামী এধি চাহিবৰ অভিযান আগবঢ়াবলৈ পুৰস্কৃত কৰিব। মানৱতাৰ বাবে বিলকুইছ এধিৰ নিস্বাৰ্থ কাম সদায় স্মৰণীয় হৈ থাকিব।

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে