প্ৰবীণ বৰুৱা, মঙলদৈঃ দৰং জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালয়ত আজি ৰাজ্যিক সংকল্প পত্ৰ উন্মোচন কৰে ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই৷ নগৰাঞ্চলত সকলো ধৰণৰ সা-সুবিধা গঢ় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সংকল্পপত্ৰত৷ চহৰৰ উপ-পথসমুহ বিশেষ ব্যক্তিৰ নামত নামাকৰণ, নগৰাঞ্চলত ঐতিহাসিক অথবা পৌৰাণিক স্থানসমুহৰ উন্নয়ন, নগৰাঞ্চলত একোটিকৈ প্ৰেক্ষাগৃহ নিৰ্মাণ, মহিলাৰ বাবে ছাত্ৰী নিবাস, চহৰৰ মাজ মজিয়াত এটাকৈ ক্লক টাৱাৰ নিৰ্মাণ, নগৰাঞ্চলত একোটিকৈ জিৰণি কোঠা বা শৌচালয়, নগৰাঞ্চলত উপ-পথসমূহত বিজুলী বাতিৰ ব্যৱস্থা, আৱৰ্জনা নিস্কাশণৰ ব্যৱস্থা, চহৰৰ চক সমুহত উখ বিজুলিবাতিৰ ব্যৱস্থা আদিৰে পৌৰসভা নিৰ্বাচনৰ সংকল্পপত্ৰ উন্মোচন উন্মোচন কৰিলে৷ সংবাদ মেলত দৰং জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মা, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে জিলাখনৰ বিজিপি কৰ্মকৰ্তা বিষয়ব-বীয়াসকল উপস্থিত থাকে৷