গুৱাহাটীঃ ভাৰতীয় গণনাট্য সংঘৰ জ্যেষ্ঠ সদস্য তথা প্ৰাক্তন সম্পাদক বিভূৰঞ্জন চৌধুৰীৰ পৰলোকপ্ৰাপ্তি ঘটে দেওবাৰে৷ ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ দীৰ্ঘ কাল সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি সৰ্বহাৰাৰ অভাৱ, অধিকাৰৰ কথা সাংস্কৃতিক মঞ্চ যোগে আগুৱাই নিয়াৰ অৰিহণা যোগোৱা বিভূৰঞ্জন চৌধুৰীৰ মৃত্যুক ৰাজ্যৰ সাংস্কৃতিক পথাৰত শোকৰ ছাঁ পৰে৷
ৰোগক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যুক আকোৱালি লোৱা গণ কণ্ঠশিল্পীগৰাকীয়ে সুৰ কৰা গণ সংগীতবোৰ সংগ্ৰামৰ বাবে প্ৰেৰণাদায়ক আছিল। অভিনয় জগতৰ সৈতেও জৰিত আছিল তেওঁ। বামপন্থী আদৰ্শ আৰু ৰাজনীতিৰ প্ৰতি গভীৰ আস্থা থকা বিভূৰঞ্জন চৌধুৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে৷