চাংসাৰিঃ সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় চিকিৎসা সন্থাৰ অসম শাখাৰ উদ্যোগত কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত মাধৱদেৱ প্ৰেক্ষাগৃহত ‘ডক্টৰছ ডে’ (চিকিৎসকৰ দিন) উদযাপন কৰা হয়। উল্লেখ্য যে প্ৰতি বছৰৰ ১ জুলাই তাৰিখটো ভাৰতৰ প্ৰখ্যাত চিকিৎসক, ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা জনতাৰ বন্ধু পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী ডাঃ বিধান চন্দ্র ৰায়ৰ স্মৃতিত ভাৰতবৰ্ষত ‘চিকিৎসকৰ দিন’ হিচাপে পালন কৰি অহা হৈছে। ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাই এই বছৰ এই দিনটো স্বাধীনতাৰ গৌৰৱোজ্জ্বল পয়সত্তৰ বছৰ উদযাপনৰ লগত সংগতি ৰাখি পালন কৰিছে। কালি গধূলি ৫.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত উপস্থিত থাকি চিকিৎসকসকলক উৎসাহিত কৰে। অনুষ্ঠানত কনিষ্ঠ, জেষ্ঠ বহুকেইজন চিকিৎসকে অসমীয়া আৰু হিন্দী ভাষাত গীত, নৃত্য, সমবেত সংগীত আদি পৰিবেশন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত চিকিৎসক সকলৰ ভূমিকাৰ বিষয়েও আলোচনা কৰে। তদুপৰি এই অনুষ্ঠানতে কোভিড প্ৰতিষেধক প্ৰদান কৰাৰ ক্ষেত্রত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা বিভিন্ন জিলাৰ ৯ জন কোভিড প্ৰতিষেধক বিষয়াক সন্মানিত কৰা হয়। ডাউনটাউন নাৰ্চিৎহোমৰ স্বত্বাধিকাৰী ডাঃ নৰেন্দ্ৰ নাথ দত্তক ভাৰতীয় চিকিৎসা সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা আগবঢ়োৱা বঁটা অসম ৰাজ্যিক শাখাই এই অনুষ্ঠানতে প্ৰদান কৰে। সন্ধিয়াৰ এই অনুষ্ঠানত অভিনেতা দীনেশ দাস, গায়িকা সংগীতা কাকতিকে আদি কৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।