ভাৰতীয় বংশোদ্ভৱক আমেৰিকাত গুৰু দায়িত্ব প্ৰদান কৰা হৈছে৷ ভাৰতীয়-আমেৰিকান ড০ আশীষ ঝাক হোৱাইট হাউচত নতুন কোভিড সঁহাৰি সমন্বয়ক নিযুক্তি দিয়া হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ভাৰতীয়-আমেৰিকান ড০ আশীষ ঝাক নতুন হোৱাইট হাউচ কোভিড সঁহাৰি সমন্বয়ক হিচাপে নিযুক্তি দিয়াৰ ঘোষণা কৰিছে৷ ৰাষ্ট্ৰপতি জ’ বাইদেনে কয় যে আমি ৰাষ্ট্ৰীয় কোভিড প্ৰস্তুতি পৰিকল্পনাত মহামাৰী-কাৰ্যকৰীকৰণৰ এক নতুন মুহূৰ্তত প্ৰৱেশ কৰিছো৷ ডা০ ঝাৰ বিপদাশংকাক নিয়ন্ত্ৰণ কৰিব পৰা উপযুক্ত ব্যক্তি৷