বেইজিংঃ ভাৰতত টিকটকসহ ৫৯টা চীনা এপ নিষিদ্ধ কৰাৰ পিছত চীনতো চীন চৰকাৰে সেই দেশত ভাৰতীয় সংবাদপত্ৰসমূহৰ ৱেবছাইটৰ একচেছ বন্ধ কৰিছে বুলি আন্তৰ্জাতিক সংবাদসংস্থাৰ বাতৰিত প্ৰকাশ পাইছে। মঙলবাৰৰ পৰাই বেইজিঙে এই সিদ্ধান্ত কাৰ্যকৰী কৰিছে বুলি জানিব পৰা গৈছে।
ফলত ভিপিএনক বাদ দি সাধাৰণভাৱে চীনত ভাৰতীয় মিডিয়াৰ ৱেবছাইটসমূহ ভিজিট কৰাতো অসম্ভৱ হৈ পৰিছে। এতিয়া কেৱল দেশখনত ভিপিএন ব্যৱহাৰকাৰীসকলেহে চীনৰ গ্ৰেট ফায়াৰৱেল ছিষ্টেম ওফৰাই ৱেবছাইটসমূহ চাব পাৰিব। আনহাতে ভাৰতীয় নিউজ চেনেলসমূহ আইপি টিভিৰ জৰিয়তে বৰ্তমানো চীনত উপলব্ধ হৈ আছে বুলিও বাতৰিত প্ৰকাশ পাইছে।
ইফালে, ভাৰতে ৫৯ টা এপ নিষিদ্ধ কৰিলেও চীনা সংবাদ মাধ্যমৰ ৱেবছাইটসমূহ বৰ্তমানলৈ নিষিদ্ধ কৰা নাই। চীনা ছ’চিয়েল মিডিয়াত ভাৰতে চীনা এপ নিষিদ্ধ কৰাৰ পিছতে এই লৈ কিছু চৰ্চা চলাও দেখা গৈছে।
একাংশ চীনা ছ’চিয়েল মিডিয়া ইউজাৰে এইবুলিও কৈছে যে ভাৰতৰ দৰেকৈ তেওঁলোকেও চীনত ভাৰতীয় এপ নিষিদ্ধ কৰাতো বিচাৰে যদিও চীনত নিষিদ্ধ কৰিবলৈ ভাৰতীয় কোনো এপ তেওঁলোকে ব্যৱহাৰেই নকৰে। একাংশ ইউজাৰে চীনস্থিত ভাৰতীয় দূতাবাসৰ চীনা ছ’চিয়েল মিডিয়া একাউণ্টতো এনেধৰণৰ একাধিক মন্তব্য কৰা দেখা গৈছে বুলি ৰয়টাৰৰ বাতৰিত প্ৰকাশ পাইছে।