ডিজিটেল ডেস্কঃ ভাৰতত দেখা গ’ল পাকিস্তানী ড্ৰ’ন৷ পঞ্জাৱৰ পাঠানকোট অঞ্চলত শনিবাৰে নিশা প্ৰায় ১২ বজাত পাকিস্তানী ড্ৰ’ন দেখা গৈছে৷ ড্ৰ’নখন দেখা পাই ড্ৰ’নখনলৈ লক্ষ্য কৰি BSF য়ে ৪৬ ৰাউণ্ড গুলী চালনা কৰা হৈছিল, যাৰ ফলত ড্ৰ’নখন পাকিস্তান অভিমুখে উভতি গৈছিল৷ সীমান্তত এনেদৰে সঘনাই ড্ৰ’ন চলাচল লক্ষ্য কৰি ভাৰতে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।