নতুন দিল্লীঃ দেশত অব্যাহত আছে কৰ’নাৰ আতংক৷ দেশত ইতিমধ্যে কৰ’নাত আক্ৰান্তৰ তালিকাই অতিক্ৰম কৰিলে ৬০লাখৰ ঘৰ৷ বিগত ২৪ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৮২,১৭০জন লোক৷ বৰ্তমান লৈকে ভাৰতত ৬০,৭৪,৭০২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ স্বাস্থ্য মন্ত্ৰানালয়ৰ সোমবাৰৰ তথ্য অনুসৰি বিগত ২৪ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ১০৩৯জন লোকৰ মৃত্যু হৈছে৷
উল্লেখযোগ্য যে, দেশত কৰ’নাৰ আক্ৰান্তৰ সংখ্যাই ৬০ লাখৰ ঘৰ অতিক্ৰম কৰিলেও কোৰোনাকেন্দ্ৰিক পৰিস্থিতি ক্ৰমান্বয়ে কিছু উন্নত হোৱা যেন পৰিলক্ষিত হৈছে। কাৰণ পূৰ্বৰ তুলনাত বিগত কেইটামান দিনত দেশত কোৰোনা আক্ৰান্ত সংখ্যা কিছু হ্ৰাস পাইছে৷ বিগত ১১দিনৰ ১০লাখ কোৰোনা ৰোগী সুস্থ হোৱাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে। ভাৰত বৰ্তমানো কৰ’নাত আক্ৰান্তৰ তালিকাৰ দ্বিতীয় স্থানতেই আছে ৷ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ৷