March 25, 2023, 5:09 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ভাৰতত কোভিড-১৯তকৈও ভয়াবহ ৰূপ ‘চাইলেণ্ট কিলাৰ’ ৰোগৰ

Reporter Name
  • Update Time : Monday, August 24, 2020
  • 135 Time View

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ব এতিয়া কোভিড-১৯ৰ সংক্ৰমণত ত্ৰাসিত। ভাৰততো চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰথম পোহৰলৈ অহা কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰিছিল। বৰ্তমানলৈকে ভাৰতত ৩.১১ মিলিয়নতকৈও অধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে, মৃত্যু ঘটিছে ৫৭,৫০০ জনৰো অধিক লোকৰ। দেশৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিলে ভাৰতত কোভিড আক্ৰান্ত হোৱাৰ পিছতো সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে ২.৩৪ মিলিয়ন লোক। ভাৰতত কোভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ ১.৮২ শতাংশ।

কিন্তু ভাৰতত কোভিড-১৯তকৈও ভয়াবহ এবিধ ৰোগে প্ৰতিদিনে গোপনে প্ৰাণ কাঢ়িছে হাজাৰোধিক লোকৰ। লাহে লাহে মানুহক মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দিয়া এই ৰোগবিধক চাইলেণ্ট কিলাৰ হিচাপেও জনা যায়। সেয়া হৈছে যক্ষ্মা। দিল্লী, পঞ্জাৱ, মুম্বাইৰ দৰে ব্যস্ত চহৰসমূহত বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰাৰ লগে লগে বৃদ্ধি পাইছে যক্ষ্মা ৰোগীৰ সংখ্যাও। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বৰ প্ৰতিবছৰে পোহৰলৈ অহা যক্ষ্মা ৰোগীৰ এক তৃতীয়াংশই আক্ৰান্ত হয় ভাৰতত আৰু দেশত এই ৰোগত আক্ৰান্ত প্ৰতি বছৰে মৃত্যু ঘটে ৪,৮০,০০০ জন লোকৰ।

ভাৰত চৰকাৰৰ তথ্য অনুসৰি, দেশত প্ৰতিদিনে ১,৩০০ জন লোকৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। ভাৰতে বিগত ৫০ বছৰ ধৰি যক্ষ্মা প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিলেও এই চাইলেণ্ট কিলাৰ ৰোগবিধ প্ৰতিহত কৰিবলৈ সক্ষম হোৱা নাই। চৰকাৰী তথ্য অনুসৰি, দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছত চিকিত্সালত যক্ষ্মা ৰোগীৰ অন্তৰ্ভুক্তি প্ৰায় আধা হৈ পৰিছে। ইয়াৰ কাৰণ স্বৰূপে চৰকাৰী চিকিত্সালয়ৰ চিকিত্সকসকল কোভিড-১৯ৰ চিকিত্সাত ব্যস্ত হৈ পৰাৰ বাবে দেশত বিগত প্ৰায় ৫ মাহত যক্ষ্মা ৰোগীৰ নতুন তথ্য হ্ৰাস পাইছে।

তথ্য অনুসৰি, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, গুজৰাট আৰু বিহাৰতে প্ৰতিবছৰে সৰ্বাধিক লোক যক্ষ্মা ৰোগত আক্ৰান্ত হয়। আনহাতে এই ৰোগত আক্ৰান্তসকলৰ চিকিত্সা সম্পূৰ্ণ নহ’লে মৃত্যুৰ সম্ভাৱনাই অধিক হয়। কিন্তু দেশৰ কোভিড স্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে আহ্বান কৰা লকডাউনৰ সময়ত বহু ৰোগীয়ে ঔষধ আদি ক্ৰয় কৰাত অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে। যদিও এই মুহূৰ্তত কোভিড চিকিত্সাত চিকিত্সকসকল ব্যস্ত থকাৰ বাবে যক্ষ্মাৰ নতুন ৰোগী পঞ্জীয়নভুক্ত হোৱা নাই, কিন্তু পৰৱৰ্তী সময়ত অৰ্থাত্ দেশৰ পৰা কোভিড সন্ত্ৰাস শাম কটাৰ পিছত যথেষ্ট সংখ্যক যক্ষ্মা ৰোগী পঞ্জীয়নভুক্ত হোৱাৰ সম্ভৱনা বৃদ্ধি পাইছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে