ডিজিটেল ডেস্কঃ ভাৰতত বিগত ২৪ ঘণ্টাত অৰ্থাৎ সোমবাৰৰ দিনটোত ৭০ হাজাৰ ক’ৰোনা ৰোগী ধৰা পৰিছে৷ ইয়াৰ লগে লগে ভাৰতত ৩৭ লাখলৈ বৃদ্ধি পাইছে ক’ৰোনা ৰোগীৰ সংখ্যা৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে পুৱা জাৰি কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত ৬৯,৯২১গৰাকী সংক্ৰমিত ৰোগী নতুনকৈ ধৰা পৰিছে৷
আনহাতে বিগত ২৪ ঘণ্টাত ৮১৯গৰাকী লোকৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত মুঠ মৃত লোকৰ সংখ্যা ৬৫,২৮৮গৰাকী৷ দেশত ৭ লাখ ৮৫ হাজাৰ ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে ২৮ লাখ ৩৯ হাজাৰ ৰোগী সুস্থ হৈ চিকিৎসালয় এৰিছে৷