ডিজিটেল ডেস্কঃ ক’ৰোনা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষবৰ্ধনে দিয়া মন্তব্যৰ পিছতে শিৱ সেনাৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউতে মহাৰাষ্ট্ৰৰ ক’ৰোনাৰ সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাত মহাৰাষ্ট্ৰৰ শিৱ সেনাৰ চৰকাৰক আক্ৰমণ কৰিব খোজা কথাৰ প্ৰত্যুত্তৰ দি কয় যে মই সদস্যসকলক প্ৰশ্ন কৰিব খোজো যে ইমান লোক কেনেদৰে ঠিক হ’ল৷ কি ইমান লোক ভাবি-জী পাঁপড় খাই ঠিক হৈছে৷ এয়া কোনো ৰাজনৈতিক যুঁজ নহয় এয়া জীৱন ৰক্ষাৰহে যুঁজ৷
ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটে ভাবি-জী পাঁপড় খাই ক’ৰোনা ৰোগীসকল সুস্থ হৈছে নে বুলি কৈ পুনৰ কয় যে মোৰ মাতৃ আৰু ভাতৃ ক’ৰোনাত আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰত বহু লোক সুস্থ হৈ আছে৷ আজি ধাৰাবীৰ পৰিস্থিতি নিয়ন্ত্ৰিত৷ বিশ্ব স্বাস্থ্য সংস্থাই বিএমচিৰ প্ৰয়াসক প্ৰশংসা কৰিছে৷ মই ক’ব খোজো যে তাত কিছু লোকে মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰি আছে৷
ইয়াৰ লগতে ৰাউটে দেশৰ আৰ্থিক স্থিতিত সন্দৰ্ভত চৰকাৰক সমালোচনা কৰি কয় যে লাভদায়ক আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়ক গুৰুত্ব প্ৰদান কৰি জৱাহাৰলাল পোৰ্ট ট্ৰাষ্টক ব্যক্তিগতকৰণ কৰিব নালাগে৷ সদনৰ শূন্যকালত কয় যে নোটবন্দী আৰু কোভিড মহামাৰীৰ কাৰণে দেশৰ আৰ্থিক অৱস্থা সম্পূৰ্ণ ৰূপে ভয়াবহ হৈছে৷ আমাৰ জিডিপি আৰু ৰিজাৰ্ভ বেংকৰ অৱস্থা বেয়া৷