ডিজিটেল ডেস্কঃ চীন-ভাৰত সীমান্তত বৰ্তমানেও উত্তেজনা অব্যাহত আছে৷ তাৰ মাজতে চীন আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষৰ আন এটা নতুন ভিডিঅ’ পোহৰলৈ আহিছে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো চিক্কিম এলেকাৰ বুলি দাবী কৰা হৈছে৷ চিক্কিমৰ কোনো উচ্চতাত ভাৰত আৰু চীনৰ সেনাই টনা-আজোৰা কৰি থকা দেখা গৈছে৷ পৰস্পৰে-পৰস্পৰক গটিয়াই থকা পৰিলক্ষিত হৈছে৷
এজন ভাৰতীয় সৈনিকে চীন জোৱানক ঘোঁচা মৰা দেখা গৈছে৷ ভিডিঅ’ত চীনা সৈন্য আৰু ভাৰতীয় সৈন্যই তৰ্কা-তৰ্কি কৰি থকা দেখা গৈছে৷ ইজনে সিজনক গটিয়াই থকাৰ লগতে গ-বেক আৰু, ডণ্ট ফাইট শব্দও শুনা যায়৷
সম্পূৰ্ণ বৰফেৰে আবৃত্ত উচ্চ ঠাইত সেনা জোৱানসকলে সম্পূৰ্ণ জাৰৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিব পৰাকৈ বস্ত্ৰ পৰিধান কৰা থকা পৰিলক্ষিত হৈছে৷ এই ভিডিঅ’টো কেতিয়া ৰেকৰ্ড কৰা হৈছে সেই কথা উল্লেখ নাই যদিও এনে সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে যিটো সময়ত লাডাখৰ গলৱান ঘাটিত ভাৰত-চীনৰ সেনাৰ মাজত হিংসাত্মক সংঘৰ্ষত ভাৰতৰ ২০ জোৱান বীৰ শ্বহীদ হোৱাৰ লগতে চীনৰ কেমও ৪৩ সেনা হতাহত-নিহত হয়৷