ডিজিটেল ডেস্কঃ ভগবানৰ ফটোত চিকেন বান্ধি উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হৈছে এজন লোক। হিন্দুৰ আৰাধ্য দেৱ-দেৱীৰ পোষ্টাৰত চিকেনৰ মাংস মেৰিয়াই বিক্ৰী কৰি তালিব হুছেইন নামৰ এজন লোক গ্ৰেপ্তাৰ হৈছে। উত্তৰ প্ৰদেশৰ চম্বলৰ পৰা তালিবক মাংস বিক্ৰী কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সূত্ৰত প্ৰকাশ তালিব এজন মাংস বিক্ৰী কৰা লোক আৰু তেওঁ হিন্দু দেৱ-দেৱীৰ ফটো থকা পোষ্টাৰত চিকেন কাটি মেৰিয়াই বিক্ৰী কৰিছিল। পুলিচৰ অভিযোগ কছাই তালিবে তেওঁ মাংস কটা দা খনেৰে আৰক্ষীকো আক্ৰমণ কৰিব বিছাৰিছিল।