চাংসাৰিঃ অম্বুবাচী মেলা উপলক্ষে মা কামাখ্যা মন্দিৰলৈ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছেহি।ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ মংগলাৰ্থে বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ সৌজন্যত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে। কালি পুৱা ৯ বজাত বিশ্ব হিন্দু পৰিষদৰ অসম প্ৰান্তৰ সম্পাদক পল্লৱ পৰাশৰ, গুৱাহাটী মহানগৰ জিলা বিশ্ব হিন্দু পৰিষদৰ সভাপতি শুভৰাম বৰা, সম্পাদক চন্দন ৰাভা আৰু মঠ মন্দিৰ প্ৰমুখ গোপাল কাফলেৰ উপস্থিতিত কামাখ্যা দেৱালয়ৰ বৰদেউৰী কবিন্দ্ৰ নাথ শৰ্মাই পুৰণি বালিকা বিদ্যালয়ত স্বাস্থ্য শিবিৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে। বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে, এই স্বাস্থ্য শিবিৰৰ লগতে আন এটা স্বাস্থ্য শিবিৰ মালিগাঁও প্রখণ্ডৰ উদ্যোগত পাণ্ডুত স্থাপন কৰা হয়। স্বাস্থ্য শিবিৰত গুৱাহাটী নেমকেয়াৰ হাস্পতাল, আয়ুৰ্বেদিক মহাবিদ্যালয়, মাৰোৱাৰী মেটাৰনিটি হাস্পতাল আৰু গীতানগৰ কে জি এম টি হাস্পতালৰ ডক্টৰ, নাৰ্ছসকলে ভক্তসকলক চিকিৎসা সেৱা আগবঢ়োৱা বুলি জানিব পৰা গৈছে।