ডিজিটেল ডেস্কঃ আজিৰে পৰা অনুষ্ঠিত সদনৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনটোত ১৭গৰাকী সাংসদ ক’ৰোনা পজিটিভ ধৰা পৰিছে৷ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হোৱাৰ পূৰ্বে কৰা পৰীক্ষাৰ আজি ওলোৱা ফলাফলত ১৭গৰাকী সাংসদ ক’ৰোনা পজিটিভ ধৰা পৰিছে৷ সংসদ ভৱনৰ চৌহদতে কোভিড পৰীক্ষা কৰা হৈছিল৷ ১২গৰাকী সাংসদ বিজেপিৰ, ৱাইএছআৰ কংগ্ৰেছৰ দুজন, শিৱসেনা-ডিএমকে আৰু আৰএলপিৰ এজন-এজন সাংসদ ক’ৰোনা পজিটিভ ধৰা পৰিছে৷