গুৱাহাটীঃ বৰাক উপত্যকাত নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হোৱা ভূমিস্খলনত কেইবাগৰাকীও ব্যক্তিৰ প্ৰাণহানি হ’বলগীয়া হোৱা ঘটনাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ উপায়ুক্তসকলক উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে। লগতে এছ ডি আৰ এফকো উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আহত ব্যক্তিসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি সোণোৱালে এই ঘটনাত নিহত হোৱা ব্যক্তিৰ পৰিয়ালৰ নিকটাত্মীয়ক এককালীন সাহায্যৰ ধনৰাশি তাৎক্ষণিকভাৱে প্ৰদান কৰা হ’ব বুলিও সদৰী কৰিছে।