বৰাকৰ বহু ৰাস্তা-ঘাটৰ এতিয়া শোচনীয় অৱস্থা৷ স্থানীয় জনপ্ৰতিনিধিয়ে বাট-পথসমূহ মেৰামতি কৰাত গুৰুত্ব প্ৰদান কৰা নাই৷ তাৰ মাজতে আজি হাইলাকান্দিৰ নিতাইনগৰত আজি অসম জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ দুয়োটা জাতীয় সংগঠনৰ শতাধিক লোকে বাট-পথ মেৰামতি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰে৷ বিশেষকৈ হাইলাকান্দিৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ সোণাপুৰ পথ কদৰ্যময় হৈ পৰিছে৷ দীৰ্ঘদিন ধৰি পথটো মেৰামতি নকৰাত গাতেৰে ভৰি পৰিছে৷ ৰাইজে কেইবাবাৰো পথটো মেৰামতি কৰাৰ দাবী জনাই আহিছে যদিও স্থানীয় বিধায়ক তথা প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই৷ হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ বিৰুদ্ধে ক্ষোভিত লোকসকলে আজি জাতীয় সংগঠন দুটাৰ নেতৃত্বত প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ বিএনএম পথ মেৰামতিৰ দাবীত নিতাইনগৰত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, KMSSসহ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনাই৷