বিগত কেইবাঘণ্টা ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া ডিমা হাছাও জিলাৰ উমৰাংছুস্থিত নিপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণ সংঘটিত হোৱাত তিনি কৰ্মচাৰী নিহত হৈছে৷ উমৰাংছুৰ পাচকিলোস্থিত নিপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণ সংঘটিত হয়৷ প্ৰকল্পৰ টাৰ্বাইনৰ পাইপত বিস্ফোৰণৰ সংঘটিত হোৱাত নীপকোৰ তিনি কৰ্মচাৰী নিহত হয়৷ নীপকোৰ কৰ্মচাৰী ডিগবৈৰ জয়ন্ত হাজৰিকা, যোৰহাটৰ অনুপম শইকীয়া আৰু ডিমা হাছাওৰ দেমেৰাজ জহাৰি নিহত হয়৷ শক্তি উৎপাদক প্ৰকল্পত পানীৰ পাইপ লাইনত জল বিস্ফোৰণ সংঘটিত হোৱাত হঠাতে পানীৰে প্ৰকল্প এলেকা ডুব যায়। পানীত কৰ্মচাৰীৰ সা-সামগ্ৰী, বাহন উটি যায়। আনহাতে ঘটনাৰ সময়ত পাম্প তথা বাল্ব হাউছত কৰ্তব্যৰত কৰ্মীসকল কেনেবাকৈ ওলাই প্ৰাণ ৰক্ষা কৰে৷ ২০১৯ চনৰ ৭ অক্টোবৰত তদ্ৰুপ পানীৰ পাইপ বিস্ফোৰণ কাণ্ড সংঘটিত হয়৷ তেতিয়া নীপকোৰ চাৰিগৰাকী কৰ্মীৰ মৃত্যু হৈছিল। নীপকো কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনে ঘটনা সংঘটিত হৈছে।