নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ ক্ষুদ্ৰ ডিংডিঙি গাঁৱৰ হনুমান মন্দিৰত সপ্তম বাৰ্ষিক হনুমান জয়ন্তীৰ মহা আয়োজন চলিছে। অহা ১৬ এপ্ৰিলত জয়ন্তী পালন কৰা হ’ব। শনিবাৰে হনুমান জয়ন্তীত বিশেষ কাৰ্যসূচীত পুৱা ভাগত ধৰ্ম ধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণ আদি কৰা হ’ব। বৰভাগৰ বিভিন্ন গাঁৱৰ আয়তীসকলৰ মাজত আয়তীৰ নাম প্ৰতিযোগীতা, দুপৰীয়া ভক্তবৃন্দৰ বাবে ভোগ আৰু সন্ধিয়া নাগাৰা নাম প্ৰদৰ্শন কৰা হ’ব। হনুমান জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীতসমূহ ৰাইজৰ উপস্থিতি তথা পৰামৰ্শ কামনা কৰিছে উদ্যোক্তাসকলে।