নগৰবেৰাঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৰাইখাইতি অঞ্চল বানৰ কৱলত পৰে। বানে বুৰাই পেলায় অঞ্চলটোৰ বহু ঠাই। এনে সময়তে পানীত পৰি এটি শিশুৰ সলিল সমাধি হোৱা ঘটনাই বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কাৰাইখাইতি গাঁৱৰ বাসিন্দা জাফৰ আলীৰ তিনি বছৰীয়া পুত্ৰ শ্বেখ ফৰিদে ঘৰৰ চোতালত খেলি থকা অৱস্থাত হঠাৎ ঘৰৰ চাৰিও ফালে থকা পানীত পৰি নিৰুদ্দেশ হৈ পৰে। পাছত পৰিয়াল তথা চুবুৰীয়া লোকে শিশুটিক ঘৰৰ ওচৰে পাজৰে বিচাৰ-খোচাৰ কৰাত ঘৰৰ পৰা কিছু নিলগত পানীত ওপঙি থকা অৱস্থাত শিশুটিক উদ্ধাৰ কৰে। শিশুটিৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰে।