March 26, 2023, 8:02 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বৰপেটাৰোড চিকিৎসালয়ত পুনৰ ১৬গৰাকী চিকিৎসক-নাৰ্চ ক’ৰোনাত আক্ৰান্ত, চিকিৎসা সেৱা বন্ধ

Reporter Name
  • Update Time : Friday, August 28, 2020
  • 224 Time View

বৰপেটাৰোডঃ নামনি অসমৰ বাণিজ্য নগৰী ৰূপে খ্যাত বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয় এতিয়া ক’ৰোনাৰ অভিকেন্দ্ৰ হৈ পৰিছে৷ বুধবাৰে ৪জনকৈ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী পজিটিভ ধৰা পৰাৰ পিছতে বৃহস্পতিবাৰে চিকিৎসক, নাৰ্চ আৰু চিকিৎসালয়ৰ আৱাসীক এলেকাৰ লোকসহ মুঠ ১৬জন পজিটিভ ৰোগী ধৰা পৰাত চিকিৎসালয়খনত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷

প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডা০ পৰেশ কলিতা, নাৰ্চ মৃদুলা দাসো পজিটিভ ধৰা পৰিছে৷ আনহাতে আৱাসী চালিনী সৰকাৰ (১৮), ৰীয়া কলিতা (১৫), ধীতাশ্ৰী দাস (২০), ৰেখা দাস (৪৫), ৰুমী দাস (২৩), নিলীমা দাস (৩৫), হিমজ্যোতি দাস (১৭), সুদেস্না সৰকাৰ (২৭), ৰাজকমল শৰ্মা (৫৬), আলমীনা বেগম (২৪), বনজিৎ দাস (৩৯), জামিনী দাস (৬৫), বাৰ্বী ৰয় (৮) আৰু দিপাঞ্জলী কলিতা (৩৪) ক’ৰোনাত আক্ৰান্ত হয়৷

বুধবাৰে ক’ৰোনাৰ পৰীক্ষা কৰাৰ পিছতে চিকিৎসালয়খনৰ উপ-অধীক্ষক ডা০ সঞ্জীৱ কুমাৰ সৰকাৰ, জ্যেষ্ঠ চিকিৎসা বিষয়া ডা০ মনোজ চৌধুৰী, ওটি ষ্টাফ নাৰ্চ ৰূপাঞ্জলী কলিতা আৰু ওটি ৱাৰ্ড বয় প্ৰদীপ দাসৰ কোভিড-১৯ পজিটিভ পোৱা গৈছিল৷ চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী আৰু কোৱাৰ্টাৰত থকা পৰিয়ালৰ লোকসকল এনেদৰে কোভিভ পজিটিভ ধৰা পৰাত আজিৰে পৰা বহিঃ বিভাগ, নৰ্মেল আৰু চিজাৰিয়ান ডেলীভাৰী বন্ধ কৰি দিয়া হৈছে৷ মাত্ৰ ইমাৰজেন্সী সেৱাহে চলি থাকিব৷

ফলত এতিয়া ৰোগীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসকসকলৰ ক’ৰোনাৰ বাবে প্ৰাইভেট প্ৰেক্টিছ কৰাটো বন্ধ কৰি দিয়াৰ কৰাৰ পিছতো চিকিৎসলয়খনত কৰ্মৰত দুজনমান চিকিৎসকে প্ৰাইভেট প্ৰেক্টিছ কৰি থকা বুলি অভিযোগ উঠিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে