বৰপেটাৰোডঃ নামনি অসমৰ এজন যুৱক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে৷ বৰপেটাৰোডৰ যুৱকৰ শনিবাৰে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হয়৷ বৰপেটাৰোডৰ বাবুপাৰাৰ মানবেন্দ্ৰ সাহা ওৰফে মন্দি নামৰ যুৱকজনৰ মৃত্যু হয়৷ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা সাহাৰ বয়স হৈছিল প্ৰায় ৩৮ বছৰ৷
যুৱকজনে কেইদিনমান ধৰি বৰপেটাস্থিত ফখৰুদ্দিন আহমেদ চিকিৎসা মহাবিদ্যালয়ত কোভিডত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসাধীন হৈ আছিল যদিও শনিবাৰে সন্ধিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷