বৰপেটাৰোডঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমৰ বাণিজ্যিক চহৰ বৰপেটাৰোড পৌৰ কর্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ চহৰখনৰ পৌৰ সভাৰ কর্মচাৰীসকলে ৩১ আগষ্টৰ পৰা বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰাজ্য চৰকাৰে ২০১৩ চনৰ ৪ চেপ্তেম্বৰত ৰাজ্য চৰকাৰে পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰি অধিসূচনা জাৰি কৰিছিল৷ উক্ত অধিসূচনা মতে চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী জনোৱাৰ লগতে ৩ মাহৰ পৰা সুদীর্ঘ ২৭ মাহ পর্যন্ত অনাদায় দৰমহা অতিশীঘ্ৰে আদায় দিয়াৰ দাবী জনায়৷
পৌৰসভাসমূহত কৰ্মৰত হৰিজন, চাফাই কৰ্মচাৰী, ফিক্স-পে আৰু ঠিকাভিত্তিত নিয়ােজিত কর্মচাৰীসকলক সুনির্দিষ্ট কৰ্মচাৰীৰ গাঁঠনিৰ নিৰ্ধাৰিত পদত অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰি ৰেগুলাৰ পে-স্কেল আদায় দিয়া আৰু ৰাজ্য চৰকাৰে বাৰে বাৰে পৌৰসভাসমূহত নতুনকৈ দিয়া নিযুক্তি বন্ধ ৰখাৰ লগতে অবৈধভাৱে যধে-মধে দিয়া নিযুক্তিসমূহ বাতিল কৰাৰ দাবী জনায়।