March 30, 2023, 4:33 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বৰপেটাত পথাৰত চলাইছে শুৰ পোকে সন্ত্ৰাস! মূৰে কপালে হাত দিছে হিতেশ ব্ৰহ্মৰ দৰে খেতিয়কসকলে…

Reporter Name
  • Update Time : Saturday, August 29, 2020
  • 174 Time View

বৰপেটা ৰোডঃ কৃষি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই প্ৰচাৰ চলালেও ৰাজ্যৰ কৃষক সকলৰ অৱস্থা এতিয়া তথৈবচ। বানে বহু কৃষকৰ সপোনৰ খেতিডৰা ধুৱাই নিয়াৰ পিছত এতিয়া পথাৰত তাণ্ডৱ চলাইছে শুৰ পোক আৰু মাজাৰ পোকে। ৰাজ্যৰ আন প্ৰান্ত সমূহৰ দৰে বৰপেটা ৰোডৰ উত্তৰ প্ৰান্ততো এতিয়া খেতিয়কসকলে মূৰে কপালে হাত দিছে শুৰ আৰু মাজাৰ পোকৰ উৎপাতত।

অশেষ কষ্টৰ পাছত সোণোৱালী হৈ পৰা ধাননি পথাৰখন এফালৰ পৰা নষ্ট কৰি গৈছে শুৰ আৰু মাজাৰ পোকে। যাৰ ফলত এতিয়া উপায়ন্তৰ হৈ পৰিছে অঞ্চলটোৰ কৃষক ৰাইজ। জীৱিকাৰ একমাত্ৰ ভৰসা খেতিপথাৰখন এনেদৰে নষ্ট হৈ যোৱাত হাহাকাৰ কৰিব লগা হৈছে খেতিয়কসকলে।

খেতিকেই জীৱিকা হিচাপে বাচি লোৱা অঞ্চলটোৰ এজন কৃষকৰ নাম হৈছে হিতেশ ব্ৰহ্ম। কোৰোনা মহামাৰী আৰু লকডাউনৰ সময়ছোৱাত সূদলৈ টকা আনি তেওঁ কৰিছিল খেতি। প্ৰতিবিঘা মাটিত তেওঁৰ খৰছ হৈছিল ৫-৬ হাজাৰ টকা। কিন্তু এতিয়া শুৰ পোক আৰু মাজাৰ পোকৰ সন্ত্ৰাসত তেওঁ নিৰূপায় হৈ পৰিছে। চকুৰ সন্মুখতে খেতিডৰা নষ্ট হৈ যোৱা দেখি হিতেশ ব্ৰহ্মৰ এতিয়া ভাগি পৰিছে মন।

হিতেশ ব্ৰহ্মৰ দৰে খেতিয়কসকলে এতিয়া নিজৰ খেতিডৰা বচোৱাৰ খাতিৰত চৰকাৰৰ ওচৰত আহ্বান জনাইছে। ৰাজ্যৰ বিয়াগোম কৃষি বিভাগটোৱে শীত তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা যোজনা প্ৰস্তুত কৰাৰ বিপৰীতে সাধাৰণ খেতিয়কসকলৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে প্ৰচেষ্টা হাতত ল’বলৈ আহ্বান জনাইছে কৃষক ৰাইজে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে