ৰূপ জ্যোতি ভূঞা, কামপুৰঃ নগাঁৱৰ কচুৱাৰ বৰপানী চাহ বাগান কৰ্তৃপক্ষই হিটলাৰি শাসন চলোৱাৰৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকে৷ বাগানৰ মালিক পক্ষই কাৰণ বিহীন ভাৱে ৭গৰাকী মহিলা শ্ৰমিকক কামৰ পৰা অব্যাহতি দিয়াত যাক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শ্ৰমিকে হিটলাৰৰ শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে চাহ বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে৷
উল্লেখ্য যে, বৰপানী বাগান কিচামৰ ১২৩ আৰু ১৪৭ নং দাগৰ চৰকাৰে আৱণ্টন দিয়া ৬০ বিঘা মাটি বাগান কৰ্তৃপক্ষই বাগানত চামিল কৰিব বিচৰাত আৱণ্টন পোৱা মাটিৰগৰাকী নেপাল সিংহ, প্ৰাণনাথ বিশ্বাস, কৃষ্ণ পাঠক, বাদল পাঠক আৰু নৱ কুমাৰ মণ্ডলে এটা গোচৰ তৰে৷ বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ তৰাৰ পিছতে বৰপানী বাগান চাহ মজদুৰ সংঘই মঙলবাৰে ৭গৰাকী অসমীয়া মহিলা মজদুৰক কামৰ পৰা অন্যায়ভাবে আতৰাই দিয়ে।
আনফালে ক’ৰোনা মহামাৰীৰ গইনালৈ বৰপানী চাহ বাগানৰ মাজেদি অহা চাৰিটা পথত ড্ৰেইন খান্দি দিয়াত ধানচালা, বৰবিল, ইছলামপুৰ, পাহাৰচুককে ধৰি ১০খন গাঁৱৰ ৫ হাজাৰ লোকে ভীষণ সমস্যাত পৰিছে৷ পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড নলা খান্দি দিয়াত প্ৰসূতিসহ আন ৰোগীক চিকিৎসাৰ বাবে অনা-নিয়া কৰাত সমস্যাৰ সৃষ্টি হৈছে৷ গাঁওসমূহৰ লোকসকলে আমাৰ ৰাস্তা কিয় খান্দিলা বুলি সুধিলে বাগান কৰ্তৃপক্ষই নানান ভাবুকি প্ৰদান কৰে বুলিও অভিযোগ উঠিছে৷ বনৰীয়া হাতীৰ সন্ত্ৰাস আৰু পেটৰ তাড়নাত ধানচালা আৰু বৰবিল অঞ্চলত জীয়াই থকা লোকসকলৰ সম্প্ৰতি যাতায়াত যোগাযোগৰ ক্ষেত্ৰত নৰক যন্ত্ৰণাত ভূগিছে।