সৰুপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানীত ভূমিবিবাদৰ বাবেই এগৰাকী লোকক দাৰে ঘপিয়াই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ লোমহৰ্ষক হত্যাকাণ্ড বুধবাৰে নিশা প্ৰায় ১১-৩০ বজাত সংঘটিত হয়৷ টেঙানী চুৰাতনী গাঁৱৰ তৰুণ ওৰফে দুদৌ নামৰ যুৱকে ভাই বৰা নামৰ এজন যুৱকক দাৰে ঘপিয়াই হত্যা কৰে। জানিব পৰা মতে, ভূমিবিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে৷ ভাই বৰাই তৰুণ বৰুৱাৰ ঘৰৰ সন্মুখেৰে গৈ আছিল বুধবাৰে নিশা৷ উক্ত সময়তে তৰুণ বৰুৱাই ঘৰৰ পৰা দা এখন আনি ডিঙিত ঘাপ মৰাত ভাই বৰাৰ থিতাতে মৃত্যু হয়।
আনহাতে স্থানীয় গাঁওবুঢ়াই জানিবলৈ দিয়া মতে হত্যাকাৰী তৰুণ বৰুৱা পূৰ্বেও অসংখ্য হাই-কাজিয়াত জড়িত আছিল৷ ইয়াৰ পুৰ্বেও বিভিন্ন ধৰণৰ গোচৰ ৰুজু হৈ আছে বৰপথাৰ আৰক্ষী থানাত। ইতিমধ্যে বৰপথাৰ আৰক্ষীয়ে হত্যাকাৰী তৰুণ বৰুৱাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ ভাই বৰাৰ মৰোণত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।