জিতুৰঞ্জন গোঁহাই, বৰপথাৰঃ ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত ৰোগী৷ প্ৰতিখন জিলাত এতিয়া নিতৌ ধৰা পৰিছে ক’ৰোনা ৰোগী৷ এই খবৰে ৰাজ্যৰ নাগৰিকক চিন্তিত কৰাৰ সময়তে গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ চকলিত দুগৰাকী যুৱতীৰ দেহত ক’ৰোনা পজিটিভ পোৱা গৈছে বুলি জানিব পৰা গৈছে৷ বৰপথাৰৰ চকলিৰ জুলি শ্ৰেষ্ঠ (২৮) আৰু অৰ্পণা শ্ৰেষ্ঠ (২৮) পজিটিভ পোৱা গৈছে৷ জুলি শ্ৰেষ্ঠ আৰু অৰ্পণা শ্ৰেষ্ঠই গোলাঘাট নাৰ্ছিং হোমত চিকিৎসাজনিত কাৰণত থকাৰ পিছতে যোৱা ১৭ জুনত ঘৰলৈ আহি স্থানীয় জাতীয় বিদ্যালয়ত কোৱাৰাণ্টাইন হৈ আছিল। কোৱাৰাণ্টাইন হোৱাৰ পূৰ্বে দুয়োৰে নমুনা সংগ্ৰহ কৰা হৈছিল৷
কোৱাৰণ্টাইন হৈ থাকি দেওবাৰে বিদ্যালয়খনৰ পৰা নিজ গৃহলৈ আহিছিল জুলি শ্ৰেষ্ঠ আৰু অৰ্পণা শ্ৰেষ্ঠই। পূৰ্বে নমুনা সংগ্ৰহ কৰা জুলি শ্ৰেষ্ঠ আৰু অৰ্পণা শ্ৰেষ্ঠৰ ক’ৰোনা পজিটিভ পোৱা বুলি জানিব পৰা গৈছে৷ গোলাঘাটস্থিত গোলাঘাট নাৰ্ছিং হোমত দুগৰাকী লেবট’ৰী টেকনেচিয়ান কোৱিড-১৯ত আকান্ত হৈছিল। তাৰ পিছতে নাৰ্ছিং হোমৰ ৰোগী আৰু স্বাস্থ্য কৰ্মীক কোৱাৰাণ্টাইন কৰাৰ ব্যৱস্থা কৰে প্ৰশাসনে৷ গোলাঘাট নাৰ্ছিং হোমত থকা জুলি শ্ৰেষ্ঠ আৰু অৰ্পণা শ্ৰেষ্ঠৰ পজিটিভ পোৱাৰ পিছতে গোলাঘাটলৈ নিয়া হয়।
জুলি শ্ৰেষ্ঠ আৰু অৰ্পণা শ্ৰেষ্ঠৰ সংস্পৰ্শলৈ অহা ২৭গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰিছে৷ স্থানীয় ৰাইজে অঞ্চলটোত গণ সংক্ৰমনৰ আশংকা কৰি শীঘ্ৰে অঞ্চলটোত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিবৰ বাবে দাবী জনাইছে প্ৰশাসনক।