ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাত মানুহ আৰু জীৱ জন্তুৰ মাজৰ সংঘাত নতুন কথা নহয়৷ হাতী-মানুহৰ সংঘাত প্ৰায়ে সংঘটিত হৈ আহিছে৷ ইয়াৰ মূল কাৰণ হিচাপে মানুহে বনৰীয়া জীৱ-জন্তুৱে বসবাস কৰা এলেকা ধ্বংস কৰাৰ ফল বুলি অভিযোগ উঠি আহিছে৷ অতিমাত্ৰ জংঘল ধ্বংস কৰাৰ ফলত বিভিন্ন কাৰণত ভূটানৰ গাতে লাগি থকা পাহাৰৰ পৰা বাঘ, ঘোং, নল গাহৰি, হাতীৰ জাক ওলাই অহাৰ ফলত প্ৰায়ে মানুহৰ সৈতে সংঘাত হয়৷ বিশেষকৈ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকে মানুহৰ ঘৰ-দুৱাৰ, খেতি পথাৰ অনিষ্ট কৰি আহিছে৷ আনহাতে হাতীৰো মানুহৰ আক্ৰমণত মৃত্যু হয়৷ কিন্তু ইয়াৰ মাজতে এক ব্যতিক্ৰম কাণ্ড ঘটনা ঘটনা সংঘটিত হৈছে দৰং জিলাৰ মঙলদৈত৷ বিলুপ্ত প্ৰজাতিৰ জন্তু ৰূপে ঘোষণা কৰা ঘোং ওলাইছে মঙলদৈত৷ মঙলদৈ চহৰত প্ৰাণৰ ভয়ত দৌৰি ফুৰিছে এটা ঘোং৷ ঘোং আহিল কৰা পৰা তাকে লৈ চৰ্চা আৰম্ভ হৈছে৷ ভাৰত-ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ পৰা ওলাই অহা বুলি সন্দেহ কৰা হৈছে৷ নিশাৰ এন্ধাৰত বহু এলেকা পাৰ হৈ মঙলদৈ চহৰ পাইছে ঘোংটোৱে৷ ঘোঙে সঞ্চালনা কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে মঙলদৈ চহৰত আতংকই বিৰাজ কৰে। মঙলদৈৰ কৰিমচৌকাত ঘোং প্ৰত্যক্ষ কৰাৰ পিছতে তীব্ৰ আতংকই বিৰাজ কৰে। লগে লগে স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত উপস্থিত হয় বন কৰ্মীৰ দল। বনকর্মী টংকেশ্বৰ শৰ্মাক আক্ৰমণ কৰাত আহত হয়৷ আনহাতে, ঘোঙৰ আক্ৰমণত মৃণ্ময় ডেকা নামৰ ১২ বছৰীয়া কিশোৰ আহত হয়৷ বন বিভাগৰ দল আৰু মঙলদৈ আৰক্ষী উপস্থিত হৈছে যদিও ঘোংটোক আৱদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। ঘোং চাবলৈ মানুহৰ ভিৰ পৰিলক্ষিত হৈছে।