মুকালমুৱাঃ ওৰে জীৱন মানৱ সম্পদ গঢ়াৰ কামত নিমজ্জিত এগৰাকী মানৱ সম্পদ খনিকৰে বিনা বেতনে আজি অৱসৰ গ্ৰহণ কৰে৷ বিনা বেতনে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষক ড০ নুৰচাহেদ আলীয়ে অৱসগ্ৰহণ কৰপে৷ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ আৰবী বিভাগৰ সহকাৰী শিক্ষক নুৰচাহেদ আলীয়ে ত্ৰিশ বছৰৰো অধিক কাল বিনা বেতনে শিক্ষকতা কৰে। ত্ৰিশ বছৰো অধিক সময় শিক্ষকতা কৰা নুৰচাহেদ আলীয়ে আজি চকুলো টুকি বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ পৰা বিদায় লয়৷ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু কৰ্মচাৰী গোটে সম্ভাষণ জনায়৷
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠিত বিদায়ী সভাত প্ৰায় ত্ৰিশ বছৰৰো অধিক সময় শিক্ষকতা কৰি অৱশেষত আনুষ্ঠানিকভাৱে বিদায় লয় শিক্ষকগৰাকী। বিদায়ী সভাখনতে কৃতজ্ঞতা জনাই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্বেখ মোবাৰাক হুছেইনে। বৰক্ষেত্ৰীৰ মহাবিদ্যালয়ৰ আৰবী বিভাগৰ সহকাৰী শিক্ষক নুৰ চাহেদ আলীৰ বিদায় সভাখনত উপস্থিত থাকে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা একাংশ ছাত্র-ছাত্ৰী।