মুকালমুৱাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ শিয়ালমাৰী আৰক্ষী থানাৰ অন্তৰ্গত ১নং বৰবালা চৰৰ এগৰাকী কিশোৰ বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ১২ বছৰীয়া ছঞ্জৱ আলী মোমায়েকৰ ঘৰলৈ গৈ নিৰুদ্দেশ হয়৷ ১নং বৰবালা চৰৰ ছালাম আলীৰ ১২ বছৰীয়া পুত্ৰ ছঞ্জৱ আলী ১৪ মাৰ্চত হাজো বল্লুটস্থিত কোৱাৰপুৰৰ নিজ মোমায়েকৰ ঘৰলৈ গৈছিল৷ মোমায়েকৰ ঘৰৰ পৰাই পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি সন্ধান নোপোৱাত আৰক্ষীৰ কাষ চাপে। কোনো লোকে সম্ভেদ পালে 9678627877 অথবা 8011543312 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।