আবতৰীয়া বানত বৰক্ষেত্ৰীৰ ভাংনামাৰীত সন্ধানহীন ফাইজুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ হৈছে। টুলুঙা নাৱৰে ব্ৰহ্মপুত্ৰৰ সুঁতি পাৰ হোৱাৰ সময়তে নাঁৱৰ পৰা পৰি সন্ধানহীন হৈছিল ফাইজুৰ ৰহমান। ভাংনামাৰীৰ চৈয়দআলি চৰ পাৰঘাটৰ পৰা বহ্মপুত্ৰ নৈৰ এটা সুঁতি নাৱেৰে পাৰ হৈ থকা অৱস্থাত পৰি লোকজন সন্ধানহীন হয়। পাচ দিনে সন্ধানহীন হৈ থকা লোকজনৰ অৱশেষত উদ্ধাৰ হয় মৃতদেহ। নাৱৰীয়াই পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহ। ঘটনাস্থলীত ভাংনামাৰী চৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।