February 3, 2023, 8:52 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁৱৰ কুজিদাঁহত ক্ৰিকেট কৰ্মশালাৰ আয়োজন বৰ্ষাপাৰাত এ আৰ ৰহমানৰ সৈতে গীত গালে অসমৰ জীয়ৰী অন্তৰা নন্দীয়ে কি আছে নীলমণি ফুকনৰ গোপন পত্ৰত? আজিৰে পৰা গুৱাহাটীত আৰম্ভ G20 ৰ বৈঠক প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল

বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ

Reporter Name
  • Update Time : Tuesday, May 24, 2022
  • 54 Time View

আজি বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চল ভ্ৰমণ কৰে কংগ্ৰেছৰ এটা সঁজাতি দলে৷ বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰীত বান, খহনীয়া অঞ্চল পৰিদৰ্শন কৰে কংগ্ৰেছৰ সঁজাতি দলটোৱে। তিনি গৰাকী কংগ্ৰেছী বিধায়কৰ দলটোৱে ভাংনামাৰী চৰৰ বান, গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি দুৰ্গম চৰাঞ্চলৰ ৰাইজৰ পৰিস্থিতিৰ বুজ লয়। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, চয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসৰ লগতে কংগ্ৰেছৰ কেইবাজনো বিষয়-ববীয়াই দুৰ্গম চৰাঞ্চলত পৰিদৰ্শন কৰি চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী জনায়। ভাংনামাৰীস্থিত আৰক্ষী থানা, স্বাস্থ্য কেন্দ্ৰ, শিক্ষানুষ্ঠানসমূহলৈ আহিছে খহনীয়াৰ প্ৰবল ভাবুকি। যাৰ ফলত অনুষ্ঠানসমূহ অন্য স্থানলৈ স্থানান্তৰিত কৰিবলগীয়া হ’ব পাৰে৷ চৰকাৰী অনুষ্ঠানসমূহ ৰক্ষা কৰাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হওক বুলি কয় কংগ্ৰেছে। প্ৰতি বছৰে খহনীয়াৰ ফলত ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ হাজাৰ বিঘা ভূমি। অন্য স্থানলৈ স্থানান্তৰিত হৈছে বহু পৰিয়াল। দুৰ্গম চৰাঞ্চলৰ বান পৰিদৰ্শন কৰি বিধায়ক বসন্ত দাসে কয় চৰকাৰে জাক জমকতাৰে বৰ্ষপূৰ্তি অনুষ্ঠান আয়োজন কৰিছিল। কিন্তু চৰাঞ্চলৰ লোকসকলে খহনীয়াত দিক-বিদিক হেৰুৱাই দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে।

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে