২০২০ চনৰ আজি দিনটোতে (২৪ ফেব্ৰুৱাৰী) বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদক দায়িত্ব অৰ্পন কৰা হৈছিল। আজি ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ জয়ন্তিপুৰত বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বৰ্ষপূৰ্তি পালন কৰা হয়৷ পৰিষদৰ কাৰ্যবাহী প্ৰদীপ স্বৰ্গীয়াৰিয়ে আঁতধৰা অনুষ্ঠানত সভাপতিত্ব কৰে পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী ৰোমিঅ’ পি নাৰ্জাৰীয়ে। বডাফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণৰ পিছতেই বন্তী প্ৰজ্বলন কৰা হয়। বড়ো জনগোষ্ঠীৰ হকে মৃত্যুবৰণ কৰা শ্বহীদসকলৰ বাবে এক মিনিট মৌন প্ৰাথনা কৰা হয়৷ অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সম্পাদক হৰেশ্বৰ নাৰ্জাৰী, সম্মিলিত বড়ো গণ মঞ্চৰ সাহিত্য সম্পাদক মহেশ্বৰ বসুমতাৰী, সাংগঠনিক সম্পাদক কাতিৰাম তুলচীয়াৰী, ধনশিৰি জিলা বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক বিনন্দ বড়ো, গোলাঘাট জিলাৰ বড়ো সাহিত্য সভাৰ সভাপতি মহেশ্বৰ গয়াৰী, সম্পাদক গোপীনাথ হাজোৱাৰী, গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি নিলেশ্বৰ ব্ৰহ্ম, সম্পাদক প্ৰদীপ বসুমতাৰী উপস্থিত থাকে।