আজি অসমৰ নদী পৰ্যটনৰ বাবে গুৰুত্বপূৰ্ণ দিন৷ কিয়নো আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দুখন অত্যাধুনিক জাহাজৰ সেৱাৰ শুভাৰম্ভ কৰে। ফাঁচিবজাৰ ঘাটত মুকলি কৰে দুয়োখন নতুন জাহাজ৷ গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু মধ্যমখণ্ড-গুৱাহাটী ফেৰী ঘাটত সংযোজিত হ’ব দুখন নতুন জাহাজ।নতুন জাহাজ দুখন ক্ৰমে এম.ভি কামেং আৰু এম.ভি জাজিয়ে জল যাতায়তৰ সহায়ক হ’ব। ২০৫ হ্ৰছ পাৱাৰ থকা দুটা ইঞ্জিনযুক্ত জাহাজত এশ বহা ছিটৰ লগতে ষাঠিখন বাহন পাৰাপাৰ কৰিব পাৰিব।
প্ৰতিখন জাহাজত ১০০ যাত্ৰী, ৫০ খন মটৰচাইকেল কঢ়িয়াই নিয়াৰ ক্ষমতা আছে৷ দিব্যাংগ, জ্যেষ্ঠ নাগৰিক, মহিলা আৰু শিশুসকলৰ বাবে বিশেষ সুবিধাও আছে। আভ্যন্তৰীণ জল পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত জাহাজ দুখন মুকলি কৰাৰ লগতে গুৱাহাটীৰ জল যাতায়তক অধিক সুবিধাজনক আৰু সুৰক্ষিত কৰাৰ পৰিকল্পনা কৰিয়েই ৰূপায়ন কৰি ৰূপান কৰা বিশেষ আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ২৮৯.৪৫ কোটি ব্যয় সাপেক্ষ বহুমুখী প্ৰকল্প শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অভ্যন্তৰীণ জল পৰিবহণ ঘাটত ২৮৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া গুৱাহাটী গে’টৱে ফেৰী টাৰ্মিনেল প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰি এই প্ৰকল্প সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে প্ৰয়োজনীয় আৰু সকলোধৰণৰ সা-সুবিধা উপলব্ধ হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
অসমৰ জনসাধাৰণৰ সুবিধাৰ্থে সুচল পৰিবহণ সেৱাৰ পোষকতা কৰি পৰিবহণ বিভাগৰ আন ১২টা আধাৰ-ভিত্তিক অনলাইন সেৱা ৰাইজৰ বাবে আজি উৎসৰ্গা কৰে। এই সেৱাক সাঙুৰি ৰাজ্যই এতিয়া পৰিবহণ খণ্ডত দিল্লীৰ তুলনাত ৫টাকৈ অধিক অনলাইন সেৱা প্ৰদান কৰিবলৈ সক্ষম হোৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ আজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা কামৰ বোজা কম থকা কাৰ্যালয়ৰ সৈতে স্বয়ংক্ৰিয়ভাৱে কাম ভাগ-বাটোৱাৰা কৰিবলৈ মুকলি কৰে CM-TRANS শীৰ্ষক এক নতুন পদ্ধতি৷
তদুপৰি এই অনুষ্ঠানত গাড়ী চালনাৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিৰ ৫০জন হিতাধিকাৰীক চালকৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰা হয়। এই পদক্ষেপে আমাৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ উপৰি পৰ্যটন খণ্ডৰ বাবে এক উৎসাহজনক বাৰ্তা কঢ়িয়াইছে বুলি কয় মুক্যমন্ত্ৰীয়ে৷