বেবেজীয়াঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ এজন উদীয়মান চিত্র শিল্পী ৷ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ একান্ত অনুৰাগী তেওঁ। নাম মৃদুপৱন বৰা। ৰাইদঙীয়াৰ পহুকটা নিবাসী প্ৰভাত বৰা আৰু বেবী বৰাৰ পুত্ৰ মৃদু পৱনৰ মাজত আছে ব্যতিক্ৰমী প্ৰতিভা । যাৰ হাতৰ পৰশত এতিয়া প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৷ মুঠ ১৩৫ ডাল সূতাৰে মৃদু পৱনে অংকন কৰি উলিয়াইছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। যিখন প্ৰতিচ্ছবিৰ বাবে জুবিন গাৰ্গে ইতিমধ্যে মৃদু পৱনক ভূয়সী প্ৰশংসা কৰাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ যাৰ বাবেই স্বাভাবিকতেই উৎফুল্লিত হৈ পৰিছে মৃদু পৱন । কেৱল সেয়াই নহয়, তেওঁ জুবিনৰ আৰু বহু ছবি আঁকি ঘৰৰ ওৱালত ওলোমাই ৰাখিছে । কাৰণ জুবিন গাৰ্গক বহুত ভাল পায় মৃদু পৱনে । সেই বাবেই নিশা ৯ বজাৰ পৰা পুৱতি নিশালৈকে উজাগৰে থাকি অংকন কৰি উলিয়াইছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি । তদুপৰি জুবিনৰ একান্ত অনুৰাগী মৃদুপৱনে অংগৰাগ পাপন মহন্ত, শচীন টেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী, শাহৰুখ খান, কুমাৰ চানুকে ধৰি খেলুৱৈৰ লগতে বলিউড আৰু হলিউডৰ কেইবা গৰাকী তাৰকাৰো ছবি অংকন কৰিছে ৷ আচলতে অংকুৰত পঢ়ি থকাৰ পৰাই চিত্র শিল্পৰ প্ৰতি আগ্ৰহী হৈ পৰা মৃদু পৱনে ইয়াৰ পূর্বে চক পেঞ্চিলত মহাদেৱ শিৱ আৰু শ্ৰীকৃষ্ণৰ লগতে ৰাধাৰ ছবি আঁকি বিশেষ চৰ্চা লাভ কৰিছিল । নগঞা এইগৰাকী উদীয়মান প্ৰতিভাধৰ চিত্ৰশিল্পীৰ এনে চমৎকাৰক লৈ এতিয়া ৰাইজৰ মাজত বেছ চৰ্চা চলা পৰিলক্ষিত হৈছে ৷