ৰাজ্য চৰকাৰে অলিম্পিকত পদক বিজেতা লাভলীনা বৰগোহাঁইক ব্যক্তিগত প্রশিক্ষক প্ৰদান কৰিব৷ আজি এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটত লৈছে ৰাজ্য চৰকাৰে৷ লাভলীনা বৰগোহাঁইৰ প্রশিক্ষকৰ বাবে প্ৰতি মাহে ২.৫ লাখ টকা ব্যয় কৰে৷ আনহাতে, হিমা দাসক অলিম্পিকৰ প্রস্তুতিৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিব৷ ৰাজ্য চৰকাৰে এতিয়াৰে পৰা হিমা দাসক অলিম্পিকলৈ প্ৰতি মাহে ১ লাখ টকাকৈ প্ৰদান কৰা হ’ব৷ ইপিনে চৰকাৰে চাহ জনগোষ্ঠীৰ লোকক চাহ জনজাতি জাতীয় সন্মিলনীক জনজাতিয় প্রমাণ পত্র প্ৰদানৰ ঘোষণা কৰে৷